নাহৰকটীয়া নামফাকে গাৱঁত বৌদ্ধ পূৰ্ণিমা পালন

b1

নামৰূপৰ পৰা সমীৰণ বৰুৱা

 

বিশ্ব শান্তিৰ কামনাৰে  নাহৰকটীয়া নামফাকে গাৱঁত ১৮ মে'ত উদযাপন কৰা হ'ল বৌদ্ধ পূৰ্ণিমা।এই দিনটোতে ভগৱান বুদ্ধই জন্ম লাভ কৰাৰ লগতে বৌদ্ধত্ব লাভ কৰিছিল।লগতে এই দিনটোতে ভগৱান বুদ্ধই নিৰ্বাণ লাভ কৰিছিল।বুদ্ধ পূৰ্ণিমা উপলক্ষে নামফাকে গাৱঁত পুৱা পতাকা উত্তোলন কৰা হয়।

b9

পৰৱৰ্তী পৰ্যায়ত ছাত্ৰ-ছাত্ৰীসকলৰ মাজত চিত্ৰাংকণ প্ৰতিযোগিতা,শোভাযাত্ৰা, বৌদ্ধসকলৰ খামছেং আদি কৰি বিভিন্ন অনুষ্ঠান অনুষ্ঠিত কৰা হয়।ইফালে,পুৱাৰে পৰা বৌদ্ধ মন্দিৰটোলৈ দূৰ-দূৰণিৰ পৰা ভক্ত আহি মম জ্বলোৱা  পৰিলক্ষিত হয়। আনহাতে নিশালৈ বিশ্বশান্তিৰ বাবে সমূহীয়া প্ৰাৰ্থনা সভা অনুষ্ঠিত কৰা  হয়।

Your Comments