জিতুমনি নাথ, মৰিগাঁও,৮, মে :
মৰিগাঁৱত সেনাবাহিনীৰ এখন হেলিকপ্টাৰ জৰুৰী অবতৰণক লৈ সাধাৰণ মানুহৰ মাজত সৃষ্টি হয় ব্যাপক চাঞ্চল্য। পিছত যান্ত্ৰিক বিজুতি বাবেহে হেলিকপ্তাৰ খন অৱতৰণ কৰা হয় বুলি জানিব পৰাত হেলিকপ্তাৰ চাবলৈ উৎসুক লোকৰ ব্যাপক সমাগম ঘটে। জানিব পৰা মতে সেনাবাহিনীৰ হেলিকপ্তাৰখন ডিমাপুৰৰ পৰা শ্বিলঙলৈ যোৱা পথত সংঘটিত হয় এক যান্ত্ৰিক বিজুতি।
মৰিগাঁও জিলাৰ ধৰমতুল আৰক্ষী থানা আৰু আমচৈ আৰক্ষী চকীৰ মাজৰ বৰবৰি পথাৰত উক্ত সেনাবাহিনীৰ হেলিকপ্তাৰখন জৰুৰী ভাবে অবতৰণ কৰিব লগাত পৰে। ডিমাপুৰৰ সেনা চাউনীৰ পৰা শ্বিলং লৈ যোৱা আকাশী পথত হেলিকপ্টাৰখনৰ কিছু যান্ত্ৰিক বিজুতি ঘটাত জনবসতি পূৰ্ণ এলেকাৰ পৰা ঘূৰাই আনি এই পথাৰখনত নিৰাপদে আকস্মিক অবতৰণ কৰিব লগাত পৰে।
এইখবৰ লাভ কৰাৰ লগে লগে ধৰমতুল আৰু আমচৈ আৰক্ষী আৰু মৰিগাঁও আৰক্ষী অধীক্ষক উপস্থিত হৈ ঘটনাৰ বুজ লয় । পৰবৰ্ত্তী সময়ত তেজপুৰৰ পৰা আন এখন সেনাৰ ৰিকভাৰী হেলিকপ্টাৰ আহি ৰিকভাৰ কৰি লৈ যায় সেনাসহ হেলিকপ্টাৰ খন। সেনাৰ হেলিকপ্টাৰৰ আকস্মিক অবতৰণে ৰাইজৰ মাজত চাঞ্চল্যৰ সৃষ্টি কৰিছে ।
- Log in to post comments
- 15 views