ঋণগ্ৰস্ত ৰিলায়েন্স কিমউনিকেচনে ঋণৰ বোজা লাঘৱ কৰিবৰ বাবে চলিত মাহৰ শেষলৈকে ইয়াৰ ২৫,০০০ কোটি টকা মূল্যৰ ব্যৱসায়িক সম্পত্তি বিক্ৰী প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিব ৷ আনহাতে, ছেপ্টেম্বৰৰ শেষভাগত অগ্ৰণী টেলিকম উদ্যোগ এৰিকছনক দিবলগীয়া ৫৫০ কোটিৰ ঋণ পৰিশোধ কৰিবলৈও ৰিলায়েন্সে সন্মতি প্ৰকাশ কৰিছে ৷
যোৱা ৩ আগষ্টত উচ্চতম ন্যায়ালয়ে ৰিলায়েন্স টেলিকম আৰু এৰিকছন ইণ্ডিয়া প্ৰাঃ লিঃৰ মাজত ঋণ পৰিশোধ সম্পৰ্কীয় মীমাংসা চুক্তিত অনুমোদন জনাই অনিল আম্বানি নেতৃত্বাধীন কোম্পানীটোক অহা ৩০ আগষ্টৰ ভিতৰত ৫৫০ কোটি টকা আদায় দিবলৈ নিৰ্দেশ দিয়ে ৷ উল্লেখ্য যে বিগত ২০১৪ চনত ৰিলায়েন্স টেলিকম আৰু এৰিকছন ইণ্ডিয়া প্ৰাঃ লিঃৰ মাজত টেলিকম নেটৱৰ্ক পৰিচালনাৰ বাবে এক ব্যৱসায়িক চুক্তি হৈছিল ৷
কিন্তু ৭ বছৰীয়া এই চুক্তি অনুযায়ী ৰিলায়েন্স টেলিকমে এৰিকছনক ধন প্ৰদান নকৰাত এৰিকছনে ৰাষ্ট্ৰীয় কোম্পানী আই্ন এপিলেট ট্ৰিবিউনেলৰ ওচৰ চাপিছিল ৷ উচ্চতম ন্যায়ালয়ৰ এক বিচাৰপীঠত এৰিকছন কোম্পানীয়ে ৰিলায়েন্সৰ অনাদেয় ধন ১,৫০০ কোটিৰ বিপৰীতে ৫৫০ কোটিত মীমাংসা কৰিবলৈ সন্মতি প্ৰকাশ কৰিছিল আৰু ইয়াৰ বাবে উচ্চতম ন্যায়ালয়ে ৰিলায়েন্স টেলিকমক ১২০ দিনৰ সময় দিছিল ৷ ৩ আগষ্টৰে আন এক ৰায়ত আদালতে ৰিলায়েন্স কোম্পানীক স্পেকট্ৰাম, ফাইবাৰ, টেলিকম টাৱাৰ আৰু কিছু ৰিয়েল ইষ্টেট সম্পত্তি মিলাই মুঠ ২৫,০০০ কোটিৰ সম্পত্তি বিক্ৰীৰ অনুমতি প্ৰদান কৰিছিল ৷
আনহাতে কোম্পানীটোৰ সকলো অনাদেয় লেনদেন আগষ্টৰ ভিতৰত সম্পূৰ্ণ কৰিব পৰা যাব বুলিও ৰিলায়েন্সৰ সূত্ৰত প্ৰকাশ ৷ ইয়াৰ উপৰি কোম্পানীটোৱে মুকেশ আম্বানি নেতৃত্বাধীন ৰিলায়েন্স জিঅ' আৰু সম্পত্তি ব্যৱস্থাপনা ফাৰ্ম ব্ৰুকফিল্ডৰ সৈতে টেলিকম ব্যৱসায় সম্পত্তি বিক্ৰীৰ বাবে এক চুক্তিও সম্পাদন কৰিছে ৷
- Log in to post comments
- 23 views