শিৱসাগৰঃ ২৭ এপ্ৰিলঃ
কলিয়াবৰ আৰক্ষী থানাৰ অন্তৰ্গত বুঢ়াপাহাৰত কালি ভয়ংকৰ পথ দুৰ্ঘটনা মৃত্যু হোৱা শিৱসাগৰ অসামৰিক চিকিৎসালয়ৰ চিকিৎসক সুমিত কুমাৰ গাৰোডিয়া আৰু পত্নী নন্দিনী গাৰোডিয়াৰ মৃতদেহ আজি পুৱা কর্মভূমি শিৱসাগৰলৈ অনা হয়৷
শিৱসাগৰ চহৰৰ আশীৰ্বাদ ভৱনত আজি এক শোকাকুল পৰিৱেশত দুই মৃতকৰ নশ্বৰ দেহত বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানে শেষ শ্রদ্ধা জনায়।
উল্লেখযোগ্য যে কালি গাৰোডিয়া দম্পত্তিৰ হোণ্ডা বৃয়' বাহন ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথৰ বুঢ়াপাহাৰৰ নহৰোবস্তিত দুৰ্ঘটনাত পতিত হৈছিল। আত্মীয়ৰ বিবাহ অনুষ্ঠানত অংশ লবলৈ হোজাইলৈ গৈ থকা অৱস্থাতে বুঢ়াপাহাৰত সংঘটিত হয় শোকাৱহ ঘটনাতো ৷ ট্ৰেভেলাৰৰে মুখামুখি সংঘৰ্ষ হোৱাত থিতাতে নিহত হয় শিৱসাগৰৰ জনপ্ৰিয় চিকিৎসক গৰাকী আৰু তেওঁৰ পত্নী৷ চিকিৎসক গৰাকীৰ প্ৰকৃত ঘৰ ডিব্ৰুগড়ত ৷ বিগত সাত বছৰ ধৰি গাৰোডিয়াই শিৱসাগৰত চিকিৎসা সেৱা আগবঢ়াই শিৱসাগৰৰ সমাজ জীৱনৰ অংগ হৈ পৰিছিল। আনহাতে দুৰ্ঘটনাত কথমপি প্ৰাণ ৰক্ষা পৰা গাৰোডিয়া দম্পত্তিৰ দুই পুত্ৰ সম্প্ৰতি গুৱাহাটীত চিকিৎসাধীন অৱস্থাত আছে।
- Log in to post comments
- 24 views