মঙলদৈত পথ দুৰ্ঘটনা, এজন নিহত আহত এজন

acci

মঙলদৈৰ পৰা উজ্জ্বল জ্যোতি দাস

মঙলদৈ ব্লক চৌকাত আজি আবেলি এক শোকাবহ দুৰ্ঘটনা সংঘটিত হয়। উক্ত দুৰ্ঘটনাত
থিতাতে এজন লোক নিহত হোৱাৰ লগতে আন এজন আহত হয়।
নিহত গৰাকী মৌচম জ্যোতি চহৰীয়া আৰু আহত গৰাকী ৰাতুল চহৰীয়া বুলি জানিব পৰা গৈছে।
দুয়ো গৰাকী এখন বাইকৰে আৰোহি আছিল ।
মৌচমৰ ঘৰ গৰুখুটি আৰু ৰাতুলৰ ঘৰ নামখালা বুলি জানিব পৰা গৈছে ।
দুয়ো মঙলদৈ এ পি এল এলত কৰ্মৰত আছিল । বাইক খনৰ লগত তীব্ৰবেগী 
ট্ৰাকৰ খুন্দা লগাৰ ফলতে দুৰ্ঘটনাটো সংঘটিত হোৱাৰ সন্দেহ কৰা হৈছে ।

Your Comments