বিহু  নিষিদ্ধকৰণৰ  প্ৰতিবাদ কৰা  মইমত--চেনিমাইৰ  ধৰ্ম  আৰু  জন্মস্থানক  লৈ   টনা-আঁজোৰা

pgm

নগাঁৱৰ  পৰা  ঋতু  পৰ্ণ  শৰ্মা :

ঊনৈশ শতিকাৰ  মাজভাগত মাজভাগত   বিহুক  একাংশ  সম্ভ্ৰান্ত  অসমীয়াই  অশ্লীল বুলি অভিহিত কৰিছিল । সেইসকল  অসমীয়াই  আনকি  সেইসময়ৰ  বৃটিছ চৰকাৰৰ  ওচৰত  বিহুক  নিষিদ্ধ কৰিবলৈ  আৰ্জি  পেচ  কৰিছিল ।বৃটিছ চৰকাৰেও  তেনে  অসমীয়া
লোকৰ আহ্বানৰ  প্ৰতি  সহাঁৰি  জনাই  বিহু নিসিদ্ধ কৰাৰ প্ৰস্তুতি  চলাইছিল ।তেনে সময়তে  বিহুৰ নিষিদ্ধকৰণৰ  বিৰূদ্ধে  সবল  প্ৰতিবাদ  সাব্যস্ত  কৰি  বৃটিছ  চৰকাৰৰ  এই  পদক্ষেপক  বাধা  প্ৰদান কৰিছিল  নগাঁও  জিলাৰ  পূব প্ৰান্তৰ "পুৰণিগুদাম"ৰ কেইজনমান  ব্যক্তিয়ে । সেই  ব্যক্তিকেইজনৰ  অন্যতম "মইমত টাটিঙা"ৰ
ধৰ্ম  পৰিচয়  তথা  জন্মস্থানক  লৈ  শেহতীয়াকৈ  বিতৰ্কৰ  সৃষ্টি হৈছে । একাংশ  লোকে মইমত  টাটিঙাক  হিন্দু  ধৰ্মালমবী লোক বুলি  অভিহিত  কৰাৰ  বিপৰীতে  আন  একাংশই  তেওক  ইছলাম  ধৰ্মালম্বী লোক বুলি ক'ব খোজে । ২০০০ চনৰ  ১ মাৰ্চত  ধৰণীধৰ মজিন্দাৰে  লিখা  আৰু  বিশিষ্ট সাহিত্যিক-সাংবাদিক  ফণীন্দ্ৰ নাথ গায়নে সম্পাদনা কৰা   "পুৰণিগুদামৰ  সংক্ষিপ্ত বুৰঞ্জী"ত   মইমত টাটিঙা  মুছলমান  সম্প্ৰদায়ৰ  আৰু  ঘৰ  চলচলিত  তথা ২০১৬ চনৰ ৭ ডিচেম্বৰত  ধৰণীধৰ  মজিন্দাৰে সম্পাদনা  কৰা  একে  নামৰ গ্ৰন্থখনত বিণু  হাজৰিকাই মইমত  টাটিঙাৰ  ঘৰ  পুৰণিগুদামৰ  সমীপৰ  হালোৱা গাঁৱত  বুলি  উল্লেখ কৰিছে । সম্প্ৰতি সামাজিক  মাধ্যমত  এই বিষয়ত  লৈ  ব্যাপক  চৰ্চা চলি  আছে । ইপিনে পুৰণিগুদামৰ  চিত্তৰঞ্জন বৰা  নামৰ  লোকজনে "মইমত টাটিঙা"ক  পুৰণিগুদামৰে  হালোৱা গাঁৱৰ  বাৰিকাচুকৰ  বাসিন্দা  বুলি  কৈছে ।তেওঁৰ  প্ৰকৃত নাম দেবাই আৰু  এজন ঢুলীয়া । বৰাই  দাবী  কৰা  মতে
মানুহৰ  মুখে মুখে  বাগৰি
টাটিঙাৰ  বাসগৃহ  পুৰণিগুদামৰ  চলচলিত আৰু  ইছলাম  ধৰ্মাৱলম্বী বুলি  চলি  আছিল । ইয়াৰ বিপৰীতে আন  একাংশই
মইমত  টাটিঙা  ঢুলীয়া  ইছলাম  ধৰ্মাৱলম্বী  বুলি দৃঢ়তাৰে  মন্তব্য  কৰি  তেওঁৰ  ভগ্নী  চেনিমাইৰ পৰিয়ালৰ  এগৰাকী ভতিজাক  বিচাৰি  পোৱা  বুলি  মন্তব্য  কৰিছে । কিন্তু
এই  সম্পৰ্কে  প্ৰামাণিক তথ্য কোনেও   বৰ্তমানলৈকে  দাঙি ধৰা  নাই ।

Your Comments