বিদ্যালয়ৰ  শতবৰ্ষৰ  দিন  সলনি

satbarxa

নগাঁৱৰ  পৰা  ঋতু  পৰ্ণ  শৰ্মা :

নগাঁও  জিলাৰ  বেবেজীয়াৰ  সমীপৰ দক্ষিণ-পশ্চিম  অঞ্চলৰ আগশাৰীৰ  শিক্ষানুষ্ঠান  চৰ্দাৰ বল্লভভাই  পেটেল  ডিমৌ মজলীয়া  বিদ্যালয়ে  চলিত  বৰ্ষত  ১২১ বছৰত  পদাৰ্পণ  কৰিলে  ।  ৰহা  বিধানসভা সমষ্টিৰ  অন্তৰ্গত  এখন  ঐতিহ্যমণ্ডিত  শিক্ষানুষ্ঠান  ৰূপে  পৰিচিত  বিদ্যালয়খনৰ  শতবৰ্ষ  উদযাপনৰ  বাবে ইতিমধ্যে প্ৰাক্তন  বিধায়ক  তথা  মন্ত্ৰী  উমেশ চন্দ্ৰ  দাসক  সভাপতি আৰু  ললিত  চন্দ্ৰ  ডেকা আৰু  বিপুল  বৰাক  সম্পাদকৰ  নেতৃত্বত  আদৰণী  সমিতি গঠন  কৰা  হৈছে । শতবৰ্ষ  উদযাপনৰ  বাবে  ২৬ এপ্ৰিলৰ পৰা  ২৮ এপ্ৰিললৈ  সিদ্ধান্ত  গ্ৰহণ  কৰা  হৈছিল  যদিও  অনিবাৰ্য  কাৰণবশতঃ অক্টোবৰ মাহলৈ পিছুৱাই  দিয়া হৈছে । আদৰণী সমিতিৰ  বিষয়ববীয়াই  জনোৱা মতে  শতবৰ্ষ  অনুষ্ঠানটি   অহা  ২৫ অক্টোবৰৰ  পৰা  ২৭ অক্টোবৰলৈ  তিনিদিনীয়া  বৰ্ণাঢ্য  কাৰ্যসূচীৰে  অনুষ্ঠিত কৰা  হ'ব বুলি  সিদ্ধান্ত  গ্ৰহণ  কৰা  হৈছে ।
উল্লেখযোগ্য  যে  1817 চনতে প্ৰতিষ্ঠা হোৱা চৰ্দাৰ  বল্লভভাই  পেটেল  ডিমৌ  মজলীয়া  বিদ্যালয়খন  কপিলী  শিক্ষাখণ্ডৰ  অন্তৰ্গত ।

Your Comments