সুৰা ভৰ্তি  ট্ৰাক অপহৰণ কাণ্ডৰ লগত জড়িত ৫ জনক গ্ৰেপ্তাৰ 

hijecker

  গোলাঘাট ,২৬ এপ্ৰিল :

 আজি আৰক্ষীৰ  অপৰাধ অনুসন্ধান শাখা আৰু গোলাঘাট  আৰক্ষীৰ সহযোগত  সুৰা ভৰ্তি ট্ৰাক অপহৰণ  কৰা ৫ জনকৈ কুখ্যাত  অপৰাধীক কৰায়ক্ত  কৰে। জানিব পৰা মতে, যোৱা  ৬ মাৰ্চত গুৱাহাটীৰ পৰা যোৰহাটলৈ  প্ৰায়  ৪০ লাখ টকা মূল্যৰ ১০০০    টা বিলাতী সুৰাৰ কাৰ্টুন কঢ়িয়াই নিয়া অৱস্থাত  দুখনকৈ ট্ৰাক হাইজেক হৈছিল। যদিওঁ গোলাঘাট আৰক্ষী আৰু আৰক্ষী  অনুসন্ধান শাখাৰ তৎপৰতাত হাইজেক কাণ্ডৰ সৈতে জড়িত মাষ্টৰ মাইণ্ড  অভিজিৎ বৰা, আমজাদ খান, ৰাজা কলিতা, ৰাজু আলি আৰু চুমকী হাতী বৰুৱা নামৰ ৫ জন লোকক  গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হ'য়। ট্ৰাক দুখন উদ্ধাৰ হ'ল যদিওঁ ট্ৰাকত থকা  সুৰাখিনি উদ্ধাৰ কৰিবলৈ সক্ষম নহ'ল আৰক্ষী

Your Comments