বঙাইগাঁওঃ ২৬ এপ্রিলঃ
বঙাইগাঁও জিলাৰ বিদ্যাপুৰ আৰক্ষী চকীৰ অন্তৰ্গত নানকাৰগাঁৱত আজি পুৱাৰ ভাগত হোৱা বজ্ৰপাতৰ ফলত এগৰাকী যুৱতী নিহত হয় ৷ নিহত যুৱতী গৰাকী নানকাৰগাঁৱৰ নাজিৰ হুছেইনৰ কন্যা বুলাহী খাতুন (২৭) বুলি জানিব পৰা গৈছে। উল্লেখ্য যে পুৱা যুৱতীগৰাকীয়ে ঘৰৰ ওচৰতে গোৱৰ পেলাই থকা সময়তে অহা এজাক বৰষুণৰ মাজতে বজ্ৰ পৰাত যুৱতীগৰাকী গুৰুতৰভাৱে আহত হয়। গুৰুতৰভাৱে আহত যুৱতীগৰাকীক লগে লগে ওচৰৰে বিদ্যাপুৰ সমূহীয়া চিকিৎসালয়ত ভৰ্তি কৰা হয় যদিও চিকিৎসতে যুৱতীগৰাকীক মৃত বুলি ঘোষণা কৰে ৷ পিছত যুৱতীগৰাকীৰ মৃতদেহটো বঙাইগাঁও অসামৰিক চিকিৎসালয়লৈ অনা হয় আৰু ইয়াতে মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰি পৰিয়ালক চমজাই দিয়া হয়। এইদৰে পুৱা বজ্ৰপাতৰ ফলত যুৱতীগৰাকীৰ মৃত্যু হোৱাত অঞ্চলটোত শোকৰ ছাঁ পৰিছে ।
- Log in to post comments
- 6 views