নলবাৰীৰ  ৭ নং পূব বাঁহজানীৰ অঙ্গনাৱাড়ী কেন্দ্ৰত দুৰ্নীতি-অনিয়ম

hemanta

নলবাৰীৰ পৰা হেমন্ত কলিতা


 নলবাৰী জিলাৰ  শিশু সংহত কেন্দ্ৰৰ অন্তৰ্গত প্ৰায়বোৰ অঙ্গনৱাড়ী কেন্দ্ৰত ব্যাপক অনিয়ম-দুৰ্নীতি চলিছে। বিভাগীয় কৰ্তৃপক্ষৰ চৰম হেমাহিৰ বাবেই অনিয়ম- দুৰ্নীতিত অঙ্গনাৱাড়ী  কৰ্মী- সহায়িকাসকলে চৰম সীমা অতিক্ৰম কৰা পৰিলক্ষিত হৈছে । অঙ্গনাৱাড়ী কেন্দ্ৰসমূহত নাই কোনো পাঠদান ।নাই কণ কণ শিশু সকলৰ মধ্যহ্ন ভোজন আহাৰ যোগান। চৰকাৰে কণ কণ শিশুসকলৰ নামত আগবঢ়োৱা সমুদায় সা- সামগ্ৰী  গোগ্ৰাসে হজম কৰি কৰি আহিছে অঙ্গনাৱাড়ী কৰ্মী-সহায়িকাসকলে। hemanta2

ইয়াৰ  জলন্ত উদাহৰণ পূব বাহঁজানীৰ অৰৰা আৰু ভদ্ৰা গাওঁৰ  অঙ্গনাৱাড়ী কেন্দ্ৰকেইটা। কেন্দ্ৰসমূহ আৰম্ভণিৰ পৰা আজিলৈকে বছৰত এসপ্তাহ কণ কণ শিশুসকলক পাঠদান দিয়া আৰু মধ্যহ্ন ভোজন আহাৰ যোগান ধৰাৰ নজিৰ নাই বুলি স্থানীয় ৰাইজে অভিযোগ কৰিছে। 


ৰাইজে আৰু কয় যে চৰকাৰে অঙ্গনাৱাড়ী চাকৰি দিয়া কৰ্মী-সহায়িকাৰ জৰিয়তে  ৰাইজৰ একো  উপকাৰ হোৱা নাই, বৰঞ্চ ক্ষতি হৈছে। এই ক্ষেত্ৰত বিভাগীয় মন্ত্ৰীগৰাকীয়ে কি ব্যৱস্থা গ্ৰহণ কৰে,সময়ত লক্ষ্যণীয় হ'ব।

Your Comments