শিৱসাগৰ,২৬ এপ্ৰিলঃ
শিৱসাগৰ অসামৰিক চিকিৎসালয়ৰ চিকিৎসক ডাঃ সুমিত গাৰোডিয়া আৰু তেওঁৰ পত্নী আজি দুপৰীয়া এক পথ দুৰ্ঘটনাত মৃত্যু হয়। গাৰোডিয়া দম্পতিৰ দুই পুত্ৰ বৰ্তমান চিকিৎসালয়ত মৃত্যুৰ সতে যুজি আছে। আজি পুৱা শিৱসাগৰৰ পৰা হোজাইৰ আত্মীয় ঘৰত এক বিবাহ অনুষ্ঠানত অংশ লবলৈ গৈ বুঢ়াপাহাৰ অঞ্চলত এখন ট্ৰেভেলাৰৰ সৈতে মুখামুখি সংঘৰ্ষত থিতাতে মৃত্যু হয় গ্ৰোডিয়া আৰু তেওঁৰ পত্নী। গুৰুত্বভাৱে আহত দুই পুত্ৰক ততাতৈয়াকৈ চিকিৎসালয়লৈ লৈ যোৱা হয়।
উল্লেখ্য যে দুটা বছৰৰ আগতে শিৱসাগৰ অসামৰিক চিকিৎসালয়ত চিকিৎসক হিচাপে নিযুক্তি লাভ কৰিছিল সুমিত গাৰোডিয়াই। ইয়াৰ পূৰ্বে তেওঁ শিৱসাগৰৰ অ'এনজিচি চিকিৎসালয়ত কৰ্মৰত আছিল। অতি সহজ সৰল আৰু কম সময়তেই সকলোকে আপোন কৰি লবপৰা সুমিত গাৰোডিয়া শিৱসাগৰ অসামৰিক চিকিৎসালয়খনৰ সকলো সহকৰ্মী, নাৰ্চ তথা কৰ্মচাৰী সকলৰ প্ৰিয় আছিল। নিজৰ কতব্য সদায় নিষ্ঠাৰে পালন কৰি আহিছিল। এনে এজন সুদক্ষ চিকিৎসকক অকালতে হেৰোৱাই শোকত মৰ্মাহত হৈ পৰিছে শিৱসাগৰ অসামৰিক চিকিৎসালয়ৰ কৰ্মচাৰীৰ লগতে সহকৰ্মী ডাক্তৰ নাৰ্চ সমুহ।
চিকিৎসালয় খনৰ গাণনিক মিন্তু দাসে কয়, ডাঃ সুমিত গাৰোডিয়া মৃত্যুৱে শিৱসাগৰবাসীয়ে এজন সুদক্ষ চিকিৎসক হেৰোৱালো। জৰুৰীকালীন ৰোগী আহিলে ৰাতি যিকোনো সময়ত তেখেতক ফোন কৰি মাতিলে মুহুৰ্ততে উপস্থিত হয়হি। সকলোৰে লগত সদায় মিলাপ্ৰিতিৰে থকাৰ লগতে নিজৰ কতব্যত কেতিয়াও গাফিলতি কৰা নাছিল। যাৰ বাবে ৰোগী সকলৰও তেওঁ বৰ প্ৰিয় আছিল ।
জন্মসুত্ৰে ডিব্ৰুগড়ৰ বাসিন্দা সুমিত গাৰোডিয়া শিৱসাগৰৰ কে পি চাৰিআলিত পৰিয়াল সহ ভাড়া ঘৰত আছিল।
শিৱসাগৰ অসামৰিক চিকিৎসালয়ৰ চিকিৎসক ডাঃ সুমিত গাৰোডিয়া পথ দুৰ্ঘটনাত নিহত ।
- Log in to post comments
- 73 views