লাহৰীঘাটৰ পৰা শ্বামিমুল ইছলাম
মৰিগাঁও জিলাৰ ভুৰাগাওঁ আৰক্ষী থানাৰ অন্তৰ্গত জৰিবৰ গাঁৱৰ এগৰাকী ১৫ বছৰীয়া কিশোৰীক অপহৰণ কৰিবলৈ আহি হাতে-লোটে ধৰা পৰে তিনি যুৱক।
জানিব পৰা মতে,আব্দুল জয়নাল (২২),দিদাৰুল ইছলাম(১৮) আৰু মুকছিদুল ইছলাম(২১)নামৰ ধৃত যুৱক তিনিজনে ভূৰাগাঁও আৰক্ষী থানাৰ অন্তৰ্গত জৰিবৰ গাঁৱৰ এগৰাকী দশম শ্ৰেণীত অধ্যয়নৰত ছাত্ৰীক বিদ্যালয়ৰ পৰা ঘৰলৈ আহি থকা অৱস্থাত বাটৰ পৰা অপহৰণ কৰি নিবলৈ খুজিছিল।
তেতিয়া ছাত্ৰীগৰাকীয়ে চিঞৰ-বাখৰ কৰাত স্থানীয় ৰাইজে উক্ত তিনি যুৱকক আটক কৰি ভূৰাগাঁও আৰক্ষীক গতাই দিয়ে। ভূৰাগাঁও আৰক্ষীয়ে ৩৯/২০১৯, ৩৬৩,৫১১,৫৫৪,৩৪ আই পি চি আইনত গোচৰ ৰুজু কৰি অভিযুক্ত তিনি যুৱকক জেল হাজোতলৈ প্ৰেৰণ কৰে।
- Log in to post comments
- 28 views