ৰাজ্যিক স্বাস্থ্য মন্ত্ৰীৰ গৃহ জিলাতে অস্বাস্থ্যকৰ পৰিবেশ

marigaon

মৰিগাঁও,২৬ এপ্ৰিল :

বিভিন্ন ঘটনা পৰিঘটনাৰে সততে বাতৰি কাকতৰ শিৰোনাম দখল কৰি অহা মৰিগাঁও অসামৰিক চিকিৎসালয়ৰ অস্বাস্থ্যকৰ পৰিবেশে  ৰোগীৰ লগতে সৰ্বসাধাৰণ জনতাক ভোগাই আহিছে যমৰ যাতনা। ৰাজ্য চৰকাৰৰ ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী পিয়ুষ হাজৰিকাৰ গৃহ জিলাত চিকিৎসাৰ নামত চলি থকা এই অৱস্থাই সৰ্বসাধাৰণৰ মাজত সৃষ্টি কৰিছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। উল্লেখ্য যে মৰিগাঁও অসামৰিক চিকিৎসালয়ত চলি থকা অৰাজকতা সন্দৰ্ভত ইতিমধ্যে বহু ঘটনা পৰিঘটনাৰ বাতৰি তথ্য সহকাৰে সংবাদ মাধ্যমত প্ৰকাশ হৈ আহিছে যদিও চিকিৎসালয় কৰ্তৃপক্ষই আজিকোপতি চিকিৎসালয় খনৰ সমস্যা সমূহ সমাধান কৰাত বিশেষ গুৰুত্ব প্ৰদান কৰা পৰিলক্ষিত হোৱা নাই।

চিকিৎসালয় খনৰ কৰ্তৃপক্ষৰ এনে গা এৰা মনোভাবৰ বাবেই সম্প্ৰতি চিকিৎসালয় খনত থকা প্ৰস্বাৱগাৰ,শৌচাগাৰ,নলা নৰ্দমা আদিৰ পৰা অহা মাখি আৰু দূৰ্গন্ধই ৰোগীৰ অৱস্থা আৰু তথৈবচ কৰি তুলিছে। তদুপৰি চিকিৎসালয় খনৰ মূল প্ৰবেশ দ্বাৰৰ সন্মুখতে আজি পাঁচ দিন ধৰি এটা কুকুৰ মৰি  গোটেই চৌপাশটোত এক দুৰ্গন্ধময় পৰিবেশে বিৰাজ কৰি ৰখাৰ পিছতো মৃত কুকুৰটোক আঁতৰাই নিবলৈও সক্ষম হোৱা নাই চিকিৎসালয় খনৰ কৰ্তৃপক্ষ।marigaon2

ইফালে চিকিৎসালয়খনত ৰোগীৰ বাবে থাকিবলগীয়া পৰ্যাপ্ত বিছনাৰ অভাব থকাত বাৰান্দাতে ৰোগীক চিকিৎসা কৰিবলগীয়া দৰে ঘটনাও সংঘটিত প্ৰায়ে হোৱাৰ দীৰ্ঘদিনীয়া অভিযোগ আছে। মূলতঃ পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ  শাসন কালত সেই সময়ৰ স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত চিকিৎসালয় খনত এটা গৃহ নিৰ্মাণ কৰা হৈছিল যদিও বৰ্তমানলৈ সেই গৃহটো মুকলি কৰিব নোৱাৰাত বছৰ বছৰ ধৰি পৰিত্যক্ত হৈ পৰি আছে চিকিৎসালয় খনৰ উক্ত গৃহটো।

 যাৰ ফলত নৱনিৰ্মিত গৃহটোৰ চাৰিওফালে এতিয়া আগুৰি ধৰিছে জংঘল আৰু কোঠাই কোঠাই একাংশ লোকে চলাই আছে মদ আৰু জুৱাৰ আদ্দা। আনহাতে ৰাজ্যিক স্বাস্থ্য মন্ত্ৰীৰ দায়িত্ব গ্ৰহণ কৰিৰেই চাদেন ভিজিতৰ জৰিয়তে মন্ত্ৰী পিয়ুষ হাজৰিকাই সাধাৰণ ৰাইজৰ মাজত এক  চমক সৃষ্টি কৰিছিল। চাদেন ভিজিতৰ সময়ত মন্ত্ৰী পিয়ুষ হাজৰিকাই নৱনিৰ্মিত গৃহটো শীঘ্ৰেই ব্যৱহাৰৰ উপযোগী কৰি তোলা হ'ব বুলি সাংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছিল যদিও মন্ত্ৰী হাজৰিকাৰ ভাষ্য ঘোষণাতে সীমাবদ্ধ হৈ থাকিল।

বিশেষকৈ মৰিগাঁও জিলাৰ এক মাত্ৰ  চিকিৎসালয়খনৰ উন্নয়নৰ ক্ষেত্ৰত মৰিগাঁওবাসীয়ে বহু আশা কৰিছিল ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী পিয়ুষ হাজৰিকাৰ পৰা। মন্ত্ৰী গৰাকীৰ গৃহ জিলা খনৰ একমাত্ৰ  চিকিৎসালয়খনৰ উন্নয়ন মনে প্ৰাণে কামনা কৰা মৰিগাঁওবাসীৰ সপোন মন্ত্ৰী পিয়ুষ হাজৰিকাই  দিঠকত পৰিণত কৰিবলৈ সক্ষম হব নে নাই সেয়াই এতিয়া মৰিগাঁওবাসীৰ মাজত এক কোটি টকীয়া প্ৰশ্ন ।

জিতুমনি নাথ /মৰিগাঁও

Your Comments