বৰাকৰ পৰা আব্দুল আলিম চৌধুৰী :
২২ এপ্রিলৰ দিনা কৰিমগঞ্জ ছেটলমেণ্টত এটা দুস্কৃতিকাৰীৰ দলৰ হাতত অপদস্থ হৈছিল আব্বাছ উদ্দিন নামৰ এজন নিৰীহ পথচাৰী যুবক। ঘটনাৰ কেইবাদিনো অতিবাহিত হৈছে যদিও এতিয়াও কৰিমগঞ্জ আৰক্ষীয়ে দুস্কৃতিকাৰীকেইটাক আটক কৰিব পৰা নাই।
বুধবাৰে ব্যৱসায়ী আৰু সচেতন নাগৰিকৰ এটা দলে কৰিমগঞ্জৰ আৰক্ষী অধীক্ষক মানবেন্দ্ৰ ৰয়ক দোষীক গ্ৰেপ্তাৰ কৰিবলৈ দাবী জনায়।
আনহাত, বৃহস্পতিবাৰে সমগ্র দিনটো চহৰৰ দোকান-পোহাৰ বন্ধ ৰাখি ব্যবসায়ীসকলে প্রতিবাদ সাব্যস্ত কৰে।
- Log in to post comments
- 46 views