লাহৰীঘাটৰ চিকিৎসালয় সম্পৰ্কীয় ফেচবুক পোষ্ট : নাগৰিক সভাত দূৰ হ'ল ভুল বুজাবুজি

laharighat

লাহৰীঘাটৰ প্ৰতিবেদন :

যোৱা ২৩ এপ্ৰিলত লাহৰীঘাট মহাত্মা গান্ধী চিকিৎসালয়ত ৰোগী আৰু চিকিৎসকৰ মাজত ভুল বুজাবুজি হৈছিল।এই ভুল বুজাবুজিৰ ফলস্বৰূপে ছ'চিয়েল মিডিয়াত এটা পোষ্ট দিয়া হৈছিল।এই পোষ্টটোয়ে বিভিন্ন মহলত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল।


ফেচবুকত ঘটনাটোৰ সাম্প্ৰদায়িক ৰূপ দিবলৈ বিচাৰিছিল একাংশ ব্যক্তিয়ে।আনহাতে,আলোচনাপন্থী আলফা নেতা জিতেন দত্তই ফেচবুকত এটা উত্তেজনাপূৰ্ণ পোষ্ট দিছিল,যিটো পোষ্ট প্ৰত্যক্ষ কৰি লাহৰীঘাটবাসী হিন্দু-মুছলমান ৰাইজ আচৰিত হৈ পৰিছিল ।


আজি হিন্দু- মুছলমান সকলো লোক একত্ৰিত হৈ লাহৰীঘাট চিকিৎসালয়ৰ প্ৰেক্ষাগৃহত এক নাগৰিক সভাত মিলিত হয়।সভাখনত বিষয়টো নিষ্পত্তি কৰা হয়।উক্ত সভাত চিকিৎসালয়ৰ ভবিষ্যতৰ বিষয়ে চিন্তা কৰি কেইবাটাও প্ৰস্তাৱ গ্ৰহণ কৰা হয়।

Your Comments