নগাঁৱৰ পৰা ঋতু পৰ্ণ শৰ্মা ২৫ এপ্ৰিল :
নগাঁও জিলাৰ দুই গুৰুত্বপূৰ্ণ সমষ্টি হৈছে বটদ্ৰৱা আৰু ৰহা । এই দুই সমষ্টিৰ ডিমৌ চাৰিআলি--ৰাইদঙীয়া সংযোগী গড়কাপ্তানী পথটি এক গুৰুত্বপূৰ্ণ পথ । মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান শ্রীশ্রীবটদ্রৱা থানলৈ অহা-যোৱা কৰাৰ ক্ষেত্ৰত অতীজৰেপৰা নামনি অসমৰ ৰাইজে সততে "বৰদোৱা বাইপাছ" ৰূপে ব্যৱহাৰ কৰি আহিছে এই পথটি । নগাঁও গ্ৰাম্য পথ সংমণ্ডলৰ অধীনস্থ অতিকে গুৰুত্বপূৰ্ণ পথটিৰ ৰহা সমষ্টিৰ অন্তৰ্গত ডিমৌ চাৰিআলিৰ পৰা কুজাৰবড়িলৈকে পথছোৱা নিৰ্মাণ কৰা হ'ল যদিও কুজাৰবড়িৰ গাঁৱৰ সীমাত থকা শেতালী গাঁৱৰ মাজত প্ৰায় ১০০ মিটাৰ পথত শিল--বালি এচপৰাও নপৰিল ।
ফলত সেই ঠাইখিনিত বহু দ গাঁতৰ সৃষ্টি হৈ গাঁওবাসীৰ লগতে অন্যান্য পথচাৰী আৰু ৰাইজে যাতায়তৰ ক্ষেত্ৰত জীয়াতু ভূগি আহিছে। ইয়াৰ লগতে বটদ্ৰৱা সমষ্টিৰ অন্তৰ্গত বৰডুবিয়া প্ৰাথমিক বিদ্যালয়ৰ সন্মুখৰ পৰা জামুগুৰি চাৰিআলিলৈকে পকী পথছোৱা বখলা-বখলে এৰি গৈ বোকা পানীৰে উপচি পৰিছে । ইয়াৰে শেতালী, জামুগুৰি, চমুৱাগাঁও, কোচৰগাঁও, ভৰালীচুক, ব্ৰাহ্মণগাঁও, ক্ষেত্ৰীগাঁও, গান্ধী পথাৰ, চাউলখোৱা, চকলাঘাট চাৰিআলি, দৰঙীয়াল গাঁৱৰ অংশবোৰত অসংখ্য সৰু-বৰ গাঁতৰ সৃষ্টি হৈছে । ঠায়ে ঠায়ে পথটিৰ অৱস্থা ইমানেই শোচনীয় যে পথ নে পথাৰ ধৰিবই নোৱাৰাৰ এক অৱস্থাই বিৰাজ কৰিছে।
আনকি খৌৰামুচৰ-বৰডুবিয়া প্ৰাথমিক বিদ্যালয়, গান্ধীজী প্ৰাথমিক বিদ্যালয়, হাতীচোং ছোৱালী উচ্চ মাধ্যমিক বিদ্যালয়ৰ ওচৰত তথা চমুৱাগাঁও নামঘৰৰ সন্মুখত আৰু ব্ৰাহ্মণগাঁও চাৰিআলিত কেইবাটাও পুখুৰীসদৃশ বৃহৎ গাঁতৰ সৃষ্টি হৈ পথটি একপ্ৰকাৰ যাতায়তৰ বাবে বিপদজনক হৈ পৰিছে ।বিগত পঞ্চায়ত নিৰ্বাচনৰ
পূৰ্বে বটদ্ৰৱা সমষ্টিৰ বিধায়িকা আঙুৰলতা ডেকাই স্থানীয় ব্ৰাহ্মণগাঁও চাৰিআলিত পথটিৰ মেৰামতিৰ বাবে আধাৰশিলা স্থাপন কৰিছিল যদিও কাম এই বাতৰি লিখা পৰ্যন্ত আৰম্ভ কৰা নাই । পথছোৱা শীঘ্ৰে মেৰামতি কৰাৰ ব্যৱস্থা লৈ বাৰিষাৰ পূৰ্বে যাতায়তৰ উপযোগীকৰি তুলিবলৈ স্থানীয় জনসাধাৰণে বিধায়কদ্বয় আঙুৰলতা ডেকা আৰু ডিম্বেশ্বৰ দাসক দাবী জনাইছে ।
- Log in to post comments
- 26 views