কাইলৰে পৰা  আত্মানন্দদেৱ  হাইস্কুলৰ  ৰূপালী  জয়ন্তী উদযাপন

ng

নগাঁৱৰ  পৰা  ঋতু  পৰ্ণ শৰ্মা

 

১৯৮৬ চনত প্ৰতিষ্ঠিত নগাঁও  জিলাৰ  বটদ্রৱা  বিধানসভা সমষ্টিৰ  অন্তৰ্গত  নসত্ৰ  অঞ্চলৰ  আগশাৰীৰ  শিক্ষানুষ্ঠান  আইলক্ষ্মী  আঞ্চলিক  আত্নানন্দদেৱ  উচ্চ  মাধ্যমিক  বিদ্যালয়খনে  ইতিমধ্যে  সগৌৰৱেৰে প্ৰতিষ্ঠাৰ ২৫ টা  বছৰ সম্পূৰ্ণ  কৰিছে ।এই উপলক্ষে  অহা ২৬ আৰু ২৭ এপ্ৰিলত  দুদিনীয়া  বৰ্ণাঢ্য  কাৰ্যসূচীৰে  ৰূপালী  জয়ন্তী উদযাপনৰ ব্যাপক প্ৰস্তুতি  চলাইছে ।ৰূপালী  জয়ন্তী উৎসৱৰ কাৰ্যসূচীৰ  অংশৰূপে ২৬ এপ্ৰিলৰ পুৱা ৮  বজাত পৰিৱেশ নিকাকৰণ কার্যসূচী ৰূপায়ণ কৰা হ'ব ।৯ বজাত বন্তি প্ৰজ্বলন আৰু স্মৃতি  তৰ্পণৰ  অন্তত ১০  বজাত ৰূপালী জয়ন্তীৰ  পতাকা  উত্তোলন  কৰিব  উদযাপন সমিতিৰ  সভাপতি  দিলীপ কুমাৰ  বৰাই।১১ বজাত বিদ্যালয়ৰ  মূল তোৰণ উন্মোচন  কৰিব  বিধায়িকা আঙুৰলতা  ডেকাই । ১১-৩০ বজাত গ্ৰন্থ  উন্মোচনী সভা আয়োজিত হ'ব।২ বজাত ন-পুৰণি ছাত্ৰ-ছাত্ৰী  সমাৰোহ,৫-৩০  বজাত সমূহীয়া বন্তি  প্ৰজ্বলন,৬ বজাত  সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন কৰা হ'ব ।গধূলি ৭ বজাত  বাৰেৰহণীয়া  সাংস্কৃতিক  সমাৰোহৰ  আয়োজন কৰা হ'ব ।

 

২৭ এপ্ৰিলত পুৱা ৮ বজাত পৰিৱেশ নিকাকৰণ কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব।পৰৱৰ্তী পৰ্যায়ত বৃক্ষৰোপণ, ছহিদ  তৰ্পণ কৰা হ'ব ।৯-৩০ বজাত সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হ'ব। বিয়লি ২ বজাত মুকলি  সভাৰে  দুদিনীয়া কাৰ্যসূচীৰ  সামৰণি মৰা হ'ব।

Your Comments