সোণাৰি ভাটখাণ্ডে সংগীত মহাবিদ্যালয়ৰ নতুন প্ৰজন্মক সংস্কৃতিমুখী কৰাৰ প্ৰশংসনীয় প্ৰয়াস

s

সোণাৰিৰ পৰা ঘন বৰা

চৰাইদেউ জিলাৰ সদৰ সোণাৰি নগৰৰ এখন বিশেষ সংগীত মহাবিদ্যালয়ে সমাজলৈ কঢ়িয়াই আনিছে আশাৰ বতৰা।যিসময়ত কণ-কণ শিশুৰ পৰা আৰম্ভ কৰি স্কুল,কলেজৰ ছাত্ৰ-ছাত্ৰীয়ে মবাইল ফোনত গেম খেলি,ইন্টাৰনেট ছাৰ্ফিং কৰি সময় অতিবাহিত কৰিবলৈ ধৰিছে, তেনে এক সময়তেই সোণাৰি ভাটখাণ্ডে সংগীত মহাবিদ্যালয়ে সুদীৰ্ঘ দিন ধৰি ছাত্র-ছাত্ৰীক শাস্ত্ৰীয় সংগীত বিভিন্ন বাদ্যযন্ত্ৰ আদিৰ শিক্ষাৰে শিক্ষিত কৰি সংস্কৃতিমুখী কৰাৰ প্ৰয়াস  অব্যাহত ৰাখিছে। মহাবিদ্যালয়খনৰ এনে প্ৰয়াসৰ শলাগ লৈছে স্থানীয় ৰাইজে। মহাবিদ্যালয়খনে ভৱিষ্যতলৈও এনে ভূমিকা পালন কৰি যাব বুলি স্থানীয় ৰাইজ আশাবাদী।

 

Your Comments