পদপথৰ পৰা নি:সহায় বৃদ্ধাক উদ্ধাৰ কৰি বৃদ্ধাশ্ৰমলৈ প্ৰেৰণ কৰিলে নগাঁও জিলাৰ ন্যায় সেৱা প্ৰাধিকাৰীয়ে 

nagaon

কামপুৰৰ পৰা ৰূপজ্যোতি ভূঞাৰ প্ৰতিবেদন :
এফালে মানৱতাৰ অপমৃত্যু, আনফালে যান্ত্ৰীকতাৰ ব্যস্ততাময় পৃথিৱীৰ পৰা মানৱতাক জীয়াই ৰখাৰ বাবে এচামৰ বিৰামহীন প্ৰচেষ্টা।ইয়েই যেন প্ৰমান হ'ল নগাঁৱত।অৰ্থনৈতিক দৈন্যতাৰ হেতু নগাঁও চহৰৰ পদপথৰ সদস্য হৈ পৰা এগৰাকী নিঃসহায় শাৰিৰীকভাৱে অক্ষম বৃদ্ধাক উদ্ধাৰ কৰি নগাঁও জিলাৰ ন্যায় সেৱাৰ প্ৰাধিকাৰীয়ে প্ৰেৰণ কৰে বৃদ্ধাশ্ৰমলৈ ।শাৰিৰীকভাৱে অক্ষম এইগৰাকী আইতাই নগাঁৱৰ পদ পদপথত আজি বহু দিনৰ পৰাই চুচৰি বাগৰি ভীক্ষা বিত্তিৰে দুবেলাৰ বাবে দুমুঠি জোগাৰ কৰি আহিছিল। নিজৰ জোৱাইৰ অবৰ্তমানত আপোন জীয়ৰীৰ দুৰ্বল অৰ্থনৈতিক অৱস্থাৰ হেতু নগাওঁৰ পদপথতে ভিক্ষামাগি জীৱন নিৰ্বাহ কৰা এই গৰাকী নিঃসহায় আইতাক উদ্ধাৰ কৰি বৃদ্ধাশ্ৰমলৈ প্ৰেৰণ কৰিলে নগাঁও জিলাৰ ন্যায় সেৱা প্ৰাধিকাৰীয়ে ।nagaon 2

জানিব পৰা মতে, নগাঁও জিলাৰ  ডিমৰুগুৰি আমতল পথৰ নিৱাসী প্ৰয়াত কেশৰাম কলিতাৰ পত্নী সৰুমাই কলিতা(৬৫) ই বিগত কিছু দিনৰ পৰা নগাঁও চহৰৰ বিভিন্ন ঠাইত ভঙা ভৰিৰে চুচৰি- বাগৰি খুজি-মাগী জীৱন নিৰ্বাহ কৰি আহিছিল। তেখেতৰ কোনো পুত্র সন্তান নাছিল যদিও বিবাহিত একমাত্র জীয়ৰীৰ লগতেই তেওঁ জীৱন অতিবাহিত কৰিছিল।কিন্ত একমাত্র জীয়ৰীৰ স্বামীৰ মৃত্যুৰ পিছত তেওঁলোকৰ পানীত হাঁহ নচৰা অৱস্থা হোৱাত বৃদ্ধা সৰুমাই কলিতাই দিনটোৰ বাবে নগাঁও চহৰৰ পদপথত এনেদৰে ভিক্ষা মাগী ফুৰিবলৈ বাধ্য হৈছিল ।nagaon3

ছ'চিয়েল মিডিয়াত বৃদ্ধাগৰাকীৰ এই দুৰ্বিসহ জীৱনৰ বিষয়ে জাানিব পাৰি নগাঁও জিলা ন্যায় সেৱা প্ৰাধিকাৰীৰ সম্পাদিকা প্ৰণিতা মৰাঙে বৃদ্ধা গৰাকীক উদ্ধাৰৰ বাবে উদ্যোগ গ্ৰহণ কৰে ।সম্পাদিকা মৰাঙৰ নেতৃত্বত যোৱা এটি সজাতি দলে ডিমৰুগুৰিৰ আমতল পথত থকা তেওঁৰ জীয়ৰীৰ ঘৰৰ পৰা বৃদ্ধা সৰুমাই কলিতাক উদ্ধাৰ কৰি গ্ৰাম বিকাশ পৰিষদৰ ৰাঙলুস্থিত বৃদ্ধাশ্ৰমলৈ প্ৰেৰণৰ ব্যৱস্থা কৰে।

বৃদ্ধাগৰাকীক ন্যায় সেৱা প্ৰাধিকাৰীৰ তৰফৰ পৰা চিকিৎসাৰ ব্যৱস্থা কৰাৰ লগতে  অনাগত দিনত বৃদ্ধাগৰাকীৰ অনান্য চিকিৎসাজনিত ব্যৱস্থাৰ সম্পূৰ্ণ দায়িত্ব প্ৰাধিকাৰীৰ তৰফৰ পৰা গ্ৰহণ কৰা হ'ব বুলি জানিব দিয়ে।এই সজাতি দলটোত ন্যায় সেৱা প্ৰাধিকাৰীৰ পেনেল অধিৱক্তা ৰূপালী গোস্বামী, মল্লিকা শৰ্ম্মা,অৰ্ধ-আইনী সহায়ক মায়া ডেকা,তুলু বৰা,পাপুমনি বৰা আদি আছিল ।নগাঁও জিলা ন্যায় সেৱা প্ৰাধিকাৰীৰ দৰিদ্ৰ লোকৰ প্ৰতি থকা সহানুভূতি তথা প্ৰাধিকাৰীৰ এনে তাৎক্ষণিক পদক্ষেপক নগাঁৱৰ সচেতন লোক
সকলে শলাগ লৈছে।

Your Comments