নগাঁৱৰ পুৰণিগুদামত বঢ়মপুৰ যুৱ কংগ্ৰেছৰ প্ৰতিবাদ । বঢ়মপুৰ সমষ্টিৰ বিধ্বস্ত পথসমূহৰ মেৰামতিৰ দাবীত এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে যুৱ কংগ্ৰেছে ৷ সোমবাৰে যুৱ কংগ্ৰেছৰ অৰ্ধশতাধিক কৰ্মীয়ে ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে ৷ প্ৰতিবাদৰ সময়ত তীব্ৰ যান-জঁটৰ সৃষ্টি হয় ঘাইপথছোৱাত ।
আনহাতে, এই পথ অৱৰোধৰ ফলত পুৰণিগুদামত আধা ঘণ্টা ধৰি আবদ্ধ হৈ থাকে মন্ত্ৰী অতুল বৰা । অৱশ্যে মন্ত্ৰী অতুল বৰাৰ লগত হোৱা আলোচনামৰ্মে পিছত পথ অৱৰোধ কাৰ্যসূচী বাতিল কৰে যুব কংগ্ৰেছৰ নেতা-কৰ্মীসকলে । আনহাতে, বঢ়মপুৰৰ পথসমূহ মেৰামতি কৰাৰ বাবে মন্ত্ৰী অতুল বৰাৰ যোগেদি মুখ্য মন্ত্ৰীলৈ স্মাৰক-পত্ৰও প্ৰেৰণ কৰে প্ৰতিবাদকাৰীসকলে ৷
- Log in to post comments
- 8 views