কাৱৈমাৰীত অগপৰ সতীৰ্থ সভাত কংগ্ৰেছ-বিজেপিক ক্ষুৰধাৰ সমালোচনা

কাৱৈমাৰীত অগপৰ সতীৰ্থ সভাঃ কংগ্ৰেছ-বিজেপিক ক্ষুৰধাৰ সমালোচনা

"পশ্চিমবংগত বৰষুণ, অসমত মমতা দিদিৰ ছাতি; বিশ্বাসঘাতক কংগ্ৰেছ, আনফালে সাম্প্ৰদায়িক দল বিজেপি" -অসম গণ পৰিষদ দলৰ সতীৰ্থ সভাত এইদৰে ক্ষুৰধাৰ সমালোচনাত মুখৰ হৈ পৰে দলটোৰ কৰ্মকৰ্তা তথা নেতৃত্ব | দেওবাৰে কাৱৈমাৰী লক্ষ্মীপূজা প্ৰাংগণত অনুষ্ঠিত দলটোৰ সৰুক্ষেত্ৰী সমষ্টিৰ সতীৰ্থ সভাত নেতা-কৰ্মীসকলে এই সমালোচনা আগবঢ়ায় ৷ উক্ত সভাত আগন্তক পঞ্চায়ত নিৰ্বাচনৰ ৰণকৌশল সম্পৰ্কতো গুৰুত্বপূৰ্ণ আলোচনা হয় | বৰপেটা জিলা সমিতিৰ সম্পাদক তথা সৰুক্ষেত্ৰী সমষ্টি সমিতিৰ সভাপতি চিত্তৰঞ্জন বৰ্মনে সভাপতিত্ব কৰা সভাখনত উপস্থিত থাকে দলটোৰ সহস্ৰাধিক নেতা-কৰ্মী |

সভাখনত পৰ্যবেক্ষক হিচাপে উপস্থিত থাকে বৰপেটা সমষ্টিৰ বিধায়ক তথা বৰপেটা জিলা সমিতিৰ সভাপতি গুনীন্দ্ৰ নাথ দাস | দলটোৰ ইতিহাসৰ লগতে ৰাজনীতিৰ বাস্তৱ পৰিস্থিতি বিৱৰি বক্তব্য প্ৰদান কৰে দলটোৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক অভয় বৰ্মনে | সভাত উপস্থিত থাকে কেন্দ্ৰীয় মহিলা পৰিষদৰ সম্পাদিকা বন্তি পাঠকৰ লগতে বহুকেইজন জ্যেষ্ঠ কৰ্মী | গিৰীণ ৰয়ে আঁতধৰা সভাখনত উপস্থিত থাকে এসপ্তাহ পূৰ্বে দলটোত আনুষ্ঠানিকভাৱে যোগদান কৰা ধৰ্মেশ্বৰ ৰয় | ভাষণ প্ৰসংগত তেওঁ কয়- শক্তিশালী আঞ্চলিকতাবাদ অবিহনে অসম প্ৰদেশৰ উন্নতি অসম্ভৱ |

Your Comments