নগাঁৱৰ পৰা ঋতু পৰ্ণ শৰ্মা :
কোনোবাই আকিঁলে প্ৰকৃতি, কোনোবাই বিহুৱা- -নাচনী, আকৌ কোনোবাই আকিঁলে বিহুৰ বাদ্য---এনেদৰেই আজি(ৰবিবাৰে) পুৱা শিশুৰ কলৰৱত মুখৰিত হৈ পৰিল নগাঁৱৰ বেবেজীয়া । আজি বেবেজীয়াৰ "শংকৰ-মাধৱ চিত্ৰকলা বিদ্যালয়"ৰ সৌজন্যত প্ৰথমবাৰৰ বাবে আয়োজন কৰা হয় ৰঙালী বিহু ।এই উপলক্ষে বেবেজীয়া পণ্ডিত কনক শৰ্মা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত পুৱা 9 বজাত আঞ্চলিক ভিত্তিত অনুষ্ঠিত হয় চিত্ৰাংকন প্ৰতিযোগিতা ।
প্ৰতিযোগিতাত দুই শতাধিক প্ৰতিযোগীয়ে যোগদান কৰে । ইয়াৰ পাছতে বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ দ্বাৰা হুচৰিৰ লগতে বিদ্যালয়ৰ ছাত্ৰ শিৱৰঞ্জন বৰুৱাই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ দ্বাৰা ৰচিত "শুন শুন ৰে শুন...." বৰগীতৰে আৰম্ভ হোৱা অনুষ্ঠানত কণ্ঠশিল্পী অভিজিৎ(ৰাগ) বৰদলৈয়ে বিহুগীত , ছাত্ৰ প্ৰদ্যুৎ ৰঞ্জন দাস আৰু দীপালি দাসৰ নেতৃত্বত দুটাকৈ হুচৰি পৰিবেশন কৰা হয় ।
শংকৰ-মাধব চিত্ৰকলা বিদ্যালয়ৰ অধ্য়ক্ষ ধ্ৰুৱজ্যোতি শৰ্মা বৰুৱাই আঁত ধৰা অনুষ্ঠানত সাংবাদিকদ্বয় ঋতু পৰ্ণ শৰ্মা আৰু মৃগেন কুমাৰ নাথ উপস্থিত থাকি বক্তব্য ৰাখে । চিত্ৰাংকন প্ৰতিযোগিতাৰ ফলাফল এনেধৰণৰ--'ক' শাখাত হিমশিখা কৌশিক প্ৰথম,নীলিম বৰদলৈ দ্বিতীয়, দেবাংগ শৰ্মা তৃতীয়, লক্ষীপ্ৰিয়া বৰকটকী চতুৰ্থ আৰু জিমন জ্যোতি দাস পঞ্চম, 'খ' শাখাত নৱনীতা শৰ্মা প্ৰথম, গাৰ্গী বৰা দ্বিতীয়, প্ৰিয়ংকা সূত তৃতীয়, প্ৰান্তিক বৰঠাকুৰ চতুৰ্থ আৰু মধুস্মিতা দাস পঞ্চম তথা 'গ' শাখাত গৌতম দাস প্ৰথম, অৰিন্দম দাস দ্বিতীয়, কৃষ্ণাংগিনী শইকীয়া তৃতীয়, বাচাপী ৰংহাংপী চতুৰ্থ আৰু অৰ্মত্য় দাসে পঞ্চম স্থান অধিকাৰ কৰে ।
উল্লেখযোগ্য যে বিজয়ী প্ৰতিযোগীসকলক অহা 28 এপ্ৰিলত পুৰস্কাৰ প্ৰদান কৰা হ'ব ।
- Log in to post comments
- 87 views