বিতৰ্কৰ শেষ নাই!এইবাৰ মুখ খুলিলে 'বিহু সম্ৰাজ্ঞী'ৰ বিচাৰকে

bihu

নিউজ ডেস্ক :

গুৱাহাটী বিহু সন্মিলনীৰ 'বিহু সম্ৰাজ্ঞী' প্ৰতিযোগিতাৰ বিতৰ্কৰ পিছত  মুখ খুলিছে এজন বিচাৰকে ।
তিনিজন বিচাৰকৰ সিদ্ধান্তক লৈ অসন্তুষ্টি প্ৰকাশ কৰিছিল প্ৰতিযোগীসকলে। প্ৰতিযোগীসকলৰ মতে যেতিয়াই গুণমণি শইকীয়াৰ দলে গুৱাহাটী বিহু সন্মিলনীত বিহু প্ৰদৰ্শন কৰিছে,তেতিয়াই তেওঁলোকৰ নাচনীয়ে বিহু সম্ৰাজ্ঞীৰ সন্মান লাভ কৰিছে আৰু সেই সময়ত বিচাৰকৰ আসনত অমৰেন্দ্ৰ গগৈ, মন্টু গোহাঁই আৰু  অমিয়া গন্ধিয়া আছিল । 
 

সেই বিতৰ্কৰ পিছতেই দেওবাৰে দিছপুৰ প্ৰেছ  ক্লাবত এখন সংবাদমেলৰ আয়োজন কৰি লতাশিল খেলপথাৰত অনুষ্ঠিত হোৱা গুৱাহাটী বিহু সন্মিলনীৰ এইবাৰৰ বিচাৰক অমৰেন্দ্ৰ গগৈয়ে কয় যে বিহু সম্ৰাজ্ঞীৰ ফলাফল ঘোষণা হোৱাৰ পিছত সেই ফলাফলক লৈ যিসকল প্ৰতিযোগীয়ে তেওঁক যি দোষাৰোপ কৰিছে,সেয়া সম্পূৰ্ণ মিছা।ইয়াৰ বাবে তেওঁ যথেষ্ট আঘাত পাইছে।


বিচাৰকজনৰ মতে তেওঁৰ বিচাৰত প্ৰথম স্থানত নাছিল নীলম ডোলাকাষৰীয়াৰ নাম। তেওঁৰ বিচাৰত তৃতীয় স্থানতহে আছিল বৰ্তমানৰ গুৱাহাটী বিহু সন্মিলনীৰ বিহু সম্ৰাজ্ঞী নীলম ডোলাকাষৰীয়া ।নীলম ডোলাকাষৰীয়াই কেনেকৈ বিহু সম্ৰাজ্ঞী  সন্মান লাভ কৰিলে, সেই বিষয়ে হেনো জ্ঞাত নহয় বিচাৰকজন। 
    

তেওঁৰ বিচাৰত সৰ্বমুঠ ৫৭ নম্বৰহে পাইছিল নীলম ডোলাকাষৰীয়াই। তাৰ বাহিৰে তেওঁৰ বিচাৰত প্ৰথম স্থানত আছিল বিতপী গগৈ ৬২ নম্বৰ, দ্বিতীয় স্থানত শিৰুশ্ৰী শইকীয়া ৫৯ নম্বৰ , তৃতীয় স্থানত মৌচুমী বৰা আৰু নীলম ডোলাকাষৰীয়া ৫৭ নম্বৰ, চতুৰ্থ স্থানত শতাব্দী কলিতা আৰু ৰিমজিম গগৈ ৫৬ নম্বৰ, পঞ্চম স্থানত মৌচুমী টায়ে ৫৫ নম্বৰ, ষষ্ঠ স্থানত প্ৰতীক্ষা ৰাণী বৰগোহাঁই ৫৩ নম্বৰ , সপ্তম স্থানত লিজামণি শেনচোৱা ৫২নম্বৰ, অষ্টম স্থানত মধুস্মিতা দিহিঙীয়া ৪৬ নম্বৰ, নৱম স্থানত সুমন দাস ৪৫ নম্বৰ আৰু দশম স্থানত জুপাৰী কাশ্যপে ৪১ নম্বৰ লাভ কৰিছিল। 

 

তেওঁ লগতে কয় যে বিতৰ্কৰ লগত সাঙোৰ খোৱা একো কাম তেওঁ কৰা নাই আৰু গুণমনি শইকীয়াৰ প্ৰসংগত তেওঁ কয় যে গুণমণিক তেওঁৰ চকুৰ সম্মুখত দেখিলেও তেওঁ চিনি নাপাব। 
    


আনহাতে প্ৰতিযোগীসকলে বিচাৰকগৰাকীয়ে ঢোল,পেঁপা, তাল বজাব নাজানে বুলি যি অভিযোগ আনিছিল,তাক তেওঁ অস্বীকাৰ কৰি সাংবাদিকৰ সমুখত পেঁপা বজায়ো দেখুৱায় ।

Your Comments