নামৰূপ আঞ্চলিক ছাত্ৰ-সন্থাৰ মুকলি বিহু

LURIN

সমিৰণ বৰুৱা,নামৰূপ
 

এদিনীয়া কাৰ্যসূচীৰে নামৰূপ সাৰনগৰী ৰাজহুৱা খেলপথাৰত নামৰূপ আঞ্চলিক ছাত্ৰসন্থাই জাতীয় ঐতিহ্য-ৰীতি-নীতি,পৰম্পৰা অটুত ৰাখি মুকলি বিহু উদযাপন কৰে।কাৰ্য্যসূচী অনুসৰি পতাকা উত্তোলন কৰে নামৰূপ আঞ্চলিক ছাত্ৰ-সন্থাৰ সভাপতি কল্পজিৎ  গগৈয়ে। শ্বহীদ তৰ্পণ কৰে সাধাৰণ সম্পাদক অসীম ফুকনে। নামৰূপ আছুৰ দ্বাৰা আয়োজিত কৰ্মশালাত অংশগ্ৰহণ কৰা শিল্পী সকলৰ দ্বাৰা বিহুনাচ আৰু ঢোলবাদন  প্ৰদৰ্শন কৰা হয়।নামৰূপ অঞ্চলৰ বয়োজ্যেষ্ঠ ব্যক্তি সকলক নামৰূপ আছুৰ দ্বাৰা সম্বৰ্ধনা জনোৱা হয়। নামৰূপ তথা নাহৰকটীয়া অঞ্চলৰ সাংবাদিক সকলকো এই অনুষ্ঠানতে সম্বৰ্ধনা জনোৱা হয়।AASU2


মুখ্য অতিথি হিচাপে উপস্থিত থাকে লুৰিণ জ্যোতি গগৈ সাধাৰণ সম্পাদক সদৌ অসম ছাত্ৰ-সন্থা আৰু অনিল গগৈ সাংস্কৃতিক সম্পাদক সদৌ অসম ছাত্ৰ-সন্থা লগতে ছাত্ৰ সন্থাৰ অন্যান্য বিষয়ববীয়া সকলকো সম্বৰ্ধনা  জনোৱা হয়। আছুৰ সধাৰণ সম্পাদক লুৰিণ জ্যোতি গগৈয়ে তেখেতৰ ভাষণ প্ৰদান কৰে। সাংস্কৃতিক অনুষ্ঠানৰ মূল আকৰ্ষণ আছিল তেজপুৰীয়া শিৱম জনগোষ্ঠীয় নৃত্যদল আৰু জাংফাই তাই আহোম হুচৰি দল,বকতা শিৱসাগৰ।AASU3
              আমন্ত্ৰিত শিল্পী হিচাপে অংশগ্ৰহণ কৰি অসমৰ জনপ্ৰিয় কন্ঠশিল্পী মাধৱ ৰঞ্জন আৰু সুস্মিতা তৃষ্ণাই তেওঁলোকৰ গীতৰ শৰাই আগ বঢ়াই।

Your Comments