গৰিয়া-মৰিয়া যুৱ-ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সহ সাধাৰণ সম্পাদকৰ পদত্যাগ

garia_moria student union

সদৌ অসম গৰিয়া-মৰিয়া যুৱ-ছাত্ৰ পৰিষদৰ পৰা কেন্দ্ৰীয় সমিতিৰ সহ-সাধাৰণ সম্পাদক ৰছিদুল আলমে আজি সংগঠনটোৰ পৰা পদত্যাগ কৰা বুলি জানিব পৰা গৈছে। এক প্ৰেছ বিজ্ঞপ্তিযোগে এই কথা অবগত কৰি কয় যে কিছু ব্যক্তিগত অসুবিধাৰ বাবে তেওঁ সদৌ অসম গৰিয়া-মৰিয়া যুৱ-ছাত্ৰ পৰিষদৰ পৰা পদত্যাগ কৰিবলৈ বাধ্য হৈছে। প্ৰাক্তন সহকাৰী সম্পাদক গৰাকীয়ে পদত্যাগৰ সময়ত বিগত সময়চোৱাত সদৌ অসম গৰিয়া-মৰিয়া যুৱ-ছাত্ৰ পৰিষদৰ সম্পাদক মইনুল হক, সভাপতি  আশ্ৰফ আলীৰ লগতে সংগঠনটোৰ সকলো সদস্য -সদস্যাৰ পৰা পোৱা মৰম তথা সন্মানৰ বাবে সকলোৰে শলাগ লয়।

আলমে ভৱিষ্যতে  জনগোষ্ঠীটোৰ ওপৰি অসম ভাৰতৰ কল্যাণৰ হকে সদায় কাম কৰি যাব বুলিও উল্লেখ কৰে। একেটা বিবৃত্তিতে তেওঁ লগতে স্পষ্ট কৰি দিয়ে যে আজিৰ পৰা সংগঠনৰ কোনো ধৰণৰ কাম কাজত তেওঁ জড়িত নাথাকিব আৰু ভৱিষ্যতে সংগঠনৰ কোনো কামৰ বাবে তেওঁ দায়ীও নহ' উল্লেখযোগ্য যে প্ৰাক্তন সহ-সাধাৰণ সম্পাদক ৰছিদুল আলমৰ ঘৰ বাক্সা জিলাৰ মাদৈকাটাত

Your Comments