নগাঁৱৰ পৰা ঋতু পৰ্ণ শৰ্মা ,১৩ এপ্ৰিল
অসমীয়াৰ জনজীৱনত স্বকীয় বৈশিষ্ট্যৰে জিলিকি উঠা বাপতিসাহোন ব'হাগ বিহুৰ কাইলৈ উৰুকা । লোকসভা নিৰ্বাচনত ধামখুমীয়াৰ মাজতে অসমীয়াৰ প্ৰাণৰো প্ৰাণৰ এই ৰঙালী বিহুটি প্ৰতিজন অসমীয়াই আড়ম্বৰপূৰ্ণভাৱে আয়োজনৰ লৈছে পণ । অসমৰ গ্ৰামাঞ্চলৰ মহিলা সকলে বিভিন্ন ধৰণৰ খাদ্য সম্ভাৰ তৈয়াৰৰ বাবে ঢেঁকীত পিঠাগুৰি খুন্দি এক আনন্দময় পৰিবেশৰ সূচনা কৰিছে । ৰৈ থকা নাই নগাঁৱৰ শিপিনীসকল । জ্যেষ্ঠজনৰ লগতে প্ৰিয়জনক এখন "বিহুৱান" উপহাৰ দি আৰ্শীবাদ বিচৰাৰ বাবে শিপিনীসকলে দিনে--নিশাই তাঁতশালত তৈয়াৰ কৰিছে মৰমৰ "বিহুৱান"।
তাঁতশালৰ মাকোৰ খিটখিটনি আৰু ঢেঁকীৰ গুমগুমনিয়ে নগাঁৱৰ গ্ৰামাঞ্চললৈ আনিছে ৰঙালী বিহুৰ মাদকতা । লোকসভা নিৰ্বাচনৰ হাইভল্টেজ প্ৰচাৰেও চলিত বৰ্ষত ম্লান কৰিব পৰা নাই বিহুৰ স্বকীয়তা । বসন্তৰ আগজাননী দিয়া কুলি-- কেতেকীৰ শুৱলা মাতে প্ৰতিজন অসমীয়াকে লৈ যায় ব'হাগ বিহুৰ আনন্দময় দিশসমূহলৈ । যাউতিযুগীয়া অসমীয়া সংস্কৃতিৰ প্ৰতিটো উপাদানৰে সমৃদ্ধ বিহুটিক এতিয়াও বস্ত্ৰ, খাদ্যশিল্প তথা প্ৰতিটো উপাদান জীয়াই ৰাখি অসমীয়াই পালন কৰি আহিছে । ৰঙালী বিহুটোত আটাইতকৈ গুৰুত্বপূৰ্ণ স্থান লাভ কৰে গামোচাই । অসমীয়াৰ যাউতিযুগীয়া সংস্কৃতিৰ অন্যতম স্থান দখল কৰা গামোচা সন্মানৰ প্ৰতীক ।
নগাঁৱৰ গ্ৰামাঞ্চলৰ প্ৰতিখন গাঁৱৰ শিপিনীয়ে বিহু উপলক্ষে বৈ উলিয়াইছে হেঁপাহৰ গামোচাখনি । বহি:ৰাজ্যৰ গামোচাৰে ৰাজ্যৰ বজাৰ উভৈনদী হৈ পৰাত নগঞা আমাৰ শিপিনীসকলে বোৱা তাঁতশালৰ গামোচাখনৰ বিক্ৰী বিগত বৰ্ষলৈকে বহু পৰিমাণে কমি গৈছিল । কিন্তু ৰাজ্য চৰকাৰে বহিঃ ৰাজ্যৰ গামোচা নিষিদ্ধ কৰাৰ ফলত পুনৰ গ্ৰামাঞ্চলত বৃদ্ধি পাইছে মাকোৰ খিটখিটনি । ইফালে গামোচাৰ প্ৰতি দৃষ্টি ৰাখি ৰাজ্য চৰকাৰৰ হস্ততাঁত আৰু বস্ত্ৰশিল্প বিভাগে নিজাববীয়াকৈ শিপিনীসকলৰ দ্বাৰা বৈ উলিয়াইছে প্ৰায় ৬লাখ গামোচা যাতে হেঁপাহৰ ৰঙালী বিহুটিত সকলোৱে ফুলাম গামোচা
খনি উপহাৰ হিচাপে দিবলৈ পায় ।
উল্লেখ যোগ্য যে হস্ততাঁত আৰু বস্ত্ৰশিল্প বিভাগৰ অধীনত
ৰাজ্যৰ বিভিন্ন প্ৰান্তত ১৪.৫লাখ শিপিনী আছে যি ৰাজ্যৰ বয়ন শিল্পটিক আগুৱাই নিয়াৰ প্ৰচেষ্টা গ্ৰহণ কৰিছে । বিভাগটোৰ
অনুমোদিত শিপিনীসকলে ২০% হাৰত প্ৰতিমাহে ২ কিলো গ্ৰামকৈ সূতা লাভ কৰে ।
শিপিনীসকলৰ বাবে মুদ্ৰা লোণৰ বিভাগীয়ভাৱে প্ৰদান কৰিছে । বয়ন শিল্পৰ জৰিয়তে অৰ্থনৈতিক স্বাৱলম্বী হোৱা ৰাজ্যৰ শিপিনীসকলে চলিত বৰ্ষত ৰঙালী বিহুটিৰ বাবে সাজু কৰি তুলিছে গামোচা, টঙালিকে ধৰি বিভিন্ন ধৰণৰ বয়ন সামগ্ৰী ।
- Log in to post comments
- 93 views