গোলাঘাটত বহাগক আদৰাৰ প্ৰস্তুতি

bihu bazar

  গোলাঘাট ১৩ এপ্ৰিল :

   বিহুটি আদৰৰ

   বিহুটি সাদৰৰ  

   বিহুটি অসমৰ প্ৰাণ 

   এনোৱা বিহুটি  

   এৰিব লাগিলে    

   নাথাকে জাতিৰে মান 

      অসমীয়া জাতিৰ প্ৰাণস্বৰূপ বহাগ বিহুক আদৰাৰ সময় সমাগত। সকলোৱে ব্যস্ত এতিয়া চেনেহৰ বিহুটিক আদৰিবলৈ। যান্ত্ৰিকতাৰে আৱৰি ৰখা বৃহৎ অসমীয়া জাতিয়ে এতিয়াও পাহৰা নাই নিজৰ সংস্কৃতি তথা পৰম্পৰা। এতিয়াও   গোলাঘাটৰ ঘৰে ঘৰে  শুণিবলৈ পোৱা গৈছে ঢেঁকী ৰ "ঢেংক্লোছ ঢেক" শব্দ। লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায় পাৰ হোৱাৰ লগে লগে  প্ৰতিজন অসমীয়াই ব্যস্ত হৈ পৰিল  চেনেহৰ বিহুটিক আদৰিবলৈ।bihu bazar2

 বজাৰৰ জুই যেন দামকো আওকাণ কৰি চ'ক বজাৰত লোকে লোকাৰণ্য হ'ল আজি। পুৱাৰ পৰা ভিৰ হোৱা বজাৰখনত গধূলিলৈকে গোলাঘাটৰ দাঁতিকাষৰীয়া অঞ্চলৰ পৰা অহা মানুহে বিৰ দি বাট নোপোৱা এক অৱস্থাৰ সৃষ্টি কৰিছে।  দীঘলতি ,মাখিয়তি,মাটিমাহ, কেচাহালধি, ঠেকেৰা, আমকলি, কঠালৰ মুচি , চিৰা -মূৰি, বৰাচাউল, হুৰুঙ , আদি না- না সামগ্ৰীৰে পৰিপূৰ্ণ বজাৰ খনত দৰ -দাম কৰিবলৈকে যেন কাৰো সময় নাই। কেৱল মোনা ভৰাই বজাৰ কৰিছে সকলোৱে , অসমীয়াৰ প্ৰথম মাহটিক ধুম ধামেৰে  আদৰিবলৈ। ঘৰৰ মা - দেউতা ,ইষ্ট -কুটূম ,ল'ৰা -ছোৱালী কেইটিক বিহু বুলি এসাজ বস্ত্ৰ দিবলৈ কাপোৰৰ দোকানবোৰতো অগণন মানুহৰ ভিৰ পৰিলক্ষিত হৈছে।  উল্লেখ্য যে , এইবাৰ বজাৰত জাতিৰ মানস্বৰূপ গামোচাৰ বিক্ৰীও সৰ্বাধিক হৈছে। অৱশ্যে থলুৱা শিপিনীয়ে বোৱা গামোচাখনিৰ আদৰ বেছি যদিওঁ বৰ্হিৰাজ্যৰ পৰা অহা গামোচাৰে গোলাঘাটৰ বজাৰ ভৰি পৰাত বা মূল্যৰ তাৰতম্যৰ বাবে বৰ্হিৰাজ্যৰ  গামোচা বিক্ৰীহে সৰ্বাধিক হৈছে।

ইয়াৰোপৰি বিভিন্ন অঞ্চলত বিহু আদৰিবলৈ বিহু মৰা পৰম্পৰাৰ প্ৰস্তুতিও আৰম্ভ হ'ল। গোলাঘাট জাতীয় বিদ্যালয় ত আগতীয়াকৈ বিহু আদৰিবলৈ আজি অনুষ্ঠিত কৰিলে ল'ৰা -ছোৱালীৰ মাজত বিহু উদযাপন। সকলো।ছাত্ৰ -ছাত্ৰীয়ে একেলগে বিহু মাৰি বিহু উদযাপন কৰিলে। একেদৰে হুঁচৰি মাৰিবলৈ নগৰখনৰ আশে -পাশে বিভিন্ন দলসমূহে অনুশীলন আৰম্ভ কৰিছে।

Your Comments