বাহাৰঘাটৰ পৰা নৰেন শৰ্মা
নলবাৰী জিলাৰ বৰভাগ ৰাজহচক্ৰৰ অন্তৰ্গত সানেকুছি পশ্চিম বড়িগোগ অম্বাপ্ৰিয়া চৌধুৰী ছোৱালী হাইস্কুল খেলপথাৰত অহা ১৪,১৫ আৰু ১৬ এপ্ৰিলত তিনিদিনীয়াকৈ ৪৩ সংখ্যক বৰভাগ বনভাগ আঞ্চলিক ৰঙালী বিহু সন্মিলনৰ আয়োজন কৰিছে৷
তদুপলক্ষে ১৪ এপ্ৰিলৰ পুৱা ৯ বজাত বিহু সন্মিলনৰ পতাকা উত্তোলন কৰিব বিহু উদযাপন সমিতিৰ সভাপতি ডা°হেমেন কুমাৰ শৰ্মাই।৯-৩০ বজাত স্মৃতি তৰ্পণ কৰিব ৰাষ্ট্ৰপতি পুৰস্কাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সুৰেশ চন্দ্ৰ শৰ্মাই ।১০ বজাত দহগৰাকী বিশিষ্ট ব্যক্তিৰ দ্বাৰা গছ পুলি ৰোপণ কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব।১০-৩০ বজাত খেলধেমালি প্ৰতিযোগিতা মুকলি কৰিব অম্বাপ্ৰিয়া চৌধুৰী ছোৱালী হাইস্কুলৰ ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক অচ্যুত চন্দ্ৰ শৰ্মাই।সন্ধিয়া ৭ বজাত আমন্ত্ৰিত বিহু হুচৰি দলৰ বিহু নৃত্য প্ৰদৰ্শন।৭-৩০ বজাত বন্তি প্ৰজ্বলন কৰিব গড়কাপ্তানী বিভাগৰ সহকাৰী কাৰ্যবাহী অভিযন্তা ভূপেন্দ্ৰ মালাকৰে ।নিশা ৮ বজাত অসমীয়া গীতৰ আধাৰত একক নৃত্য প্ৰতিযোগিতা অনুষ্ঠিত হ'ব ।মঞ্চ উদ্বোধন কৰিব নলবাৰী জিলা গ্ৰামীণ জীৱিকা নিৰ্বাহ অভিযানৰ জিলা প্ৰকল্প বিষয়া চন্দন তালুকদাৰে।
১৫ এপ্ৰিলৰ পুৱা ৮ বজাত খেলধেমালি প্ৰতিযোগিতা, ১০ বজাত চিত্ৰাংকণ প্ৰতিযোগিতা।সন্ধিয়া ৬-৪৫ বজাত ময়ূৰী সাংস্কৃতিক গোষ্ঠীৰ নৃত্য প্ৰদৰ্শন আৰু স্থানীয় শিল্পীৰ গীত-মাত পৰিৱেশন।৭-৩০ বজাত বন্তি প্ৰজ্বলন কৰিব ক্ষীৰদা ভূঞাই।নিশা ৮ বজাত লক্ষীকান্ত ভূঞা সোঁৱৰণী সাংস্কৃতিক সন্ধিয়া উদ্বোধন কৰিব গ্ৰামীণ বিকাশ বেংকৰ শাখা প্ৰবন্ধক বিমল কুমাৰ চৌধুৰীয়ে।১৬ এপ্ৰিলৰ পুৱা ৯ বজাত ভেশচন প্ৰতিযোগিতা,দিনৰ ১২ বজাত কুইজ প্ৰতিযোগিতা,সন্ধিয়া ৬ বজাত মুকলি অধিৱেশন আৰু বঁটা বিতৰণী অনুষ্ঠান, শোলমাৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত বিষয় শিক্ষক দীনেশ চন্দ্ৰ লহকৰৰ সঞ্চালনাত বঁটা বিতৰণী অনুষ্ঠান অনুষ্ঠিত হয়
- Log in to post comments
- 32 views