লাহৰীঘাটৰ ঔতলাবড়ীৰ  স্কুলীয়া ছাত্র সন্ধানহীন

samimul

লাহৰীঘাটৰ পৰা শ্বামিমুল ইছলাম

 
মৰিগাঁও জিলাৰ লাহৰীঘাট আৰক্ষী থানাৰ অন্তৰ্গত ঔতলাবড়ী গাঁৱৰ এগৰাকী স্কুলীয়া ছাত্ৰ সন্ধানহীন হোৱাত  পৰিয়ালৰ মাজত শোকাকুল পৰিস্থিতিৰ সৃষ্টি হৈছে।পৰিয়ালৰ লোকৰ ভাষ্য অনুসৰি যোৱা ৯ এপ্ৰিলত লাহৰীঘাটৰ কুশতলীত  বিজেপি দলৰ এক বিশাল নিৰ্বাচনী সভালৈ গৈছিল ওৱাহিদুল ইছলাম (৯) নামৰ ছাত্ৰজন।

তাৰ পিছৰ পৰাই ছাত্ৰজন সন্ধানহীন হৈ আছে। পৰিয়ালৰ লোকে আত্মীয়-স্বজনৰ ঘৰৰ লগতে বিভিন্ন ঠাইত বিচাৰ-খোচাৰ কৰিও কোনো সম্ভেদ লাভ কৰা নাই ছাত্ৰজনৰ।ঘটনা সন্দৰ্ভত পৰিয়ালৰ লোকে লাহৰীঘাট থানাত অৱগত কৰিছে । 

কোনো সদাশয় লোকে ছাত্ৰজনৰ কিবা সন্ধান  পালে স্থানীয়  আৰক্ষী চকীত নাইবা পৰিয়ালৰ ৬০০১৩৭৪২৯৯ মোবাইল নম্বৰত  যোগাযোগ কৰাৰ বাবে আহ্বান জনাইছে পৰিয়ালটোৱে ।

Your Comments