ভয়ংকৰ পথ দূৰ্ঘটনাত গুৰুতৰভাৱে আহত মেধাৱী ছাত্ৰ বিশাল হাজৰিকাক আৰ্থিক সাহাৰ্য্যৰ প্ৰয়োজন

1


জামুগুৰিহাটৰ পৰা চন্দন শৰ্মাৰ প্ৰতিবেদন: ১২ এপ্ৰিল

শোণিতপুৰ জিলাৰ নদুৱাৰৰ অন্তৰ্গত জামুগুৰিহাটৰ ডেকাসুন্দৰ নিৱাসী বটু হাজৰিকা আৰু মেৰী হাজৰিকাৰ একমাত্ৰ পুত্ৰ তথা জি. আই. এম. টি. ত ডি. ফ্ৰামৰ শিক্ষাগ্ৰহণ কৰি থকা মেধাৱী ছাত্ৰ বিশাল হাজৰিকাই (২২) গুৱাহাটীস্থিত নুনমাটিত নিজৰ প্ৰয়োজনীয় সামগ্ৰী ক্ৰয় কৰিবলৈ আহি এক ভয়ংকৰ পথ দূৰ্ঘটনাত পতিত হৈ গুৰুত্বৰভাৱে আহত হৈ বৰ্তমান চিকিৎসাধীন হৈ আছে। উক্ত দূৰ্ঘটনাৰ পিছতেই বিশালক গুৱাহাটীৰ নাৰেঙ্গীস্থিত গেট হস্পিটালত ভৰ্তি কৰে যদিও চিকিৎসকে উন্নত চিকিৎসাৰ বাবে কালি দিল্লী এইমছলৈ প্ৰেৰণ কৰে । মেধাৱী ছাত্ৰ বিশালে এই দূৰ্ঘটনাত গুৰুত্বৰভাৱে আঘাত পোৱাৰ লগতে এখন ভৰিৰ নাৰ্ভৰ কাৰ্য সম্পূৰ্ণৰূপে বন্ধ হৈ পৰে। চিকিৎসকে প্লাষ্টিক চাৰ্জাৰীৰ পৰামৰ্শ দিছে যদিও তীব্ৰ আৰ্থিক সংকটৰ এই কাৰ্য সম্ভৱ হৈ উঠা নাই। এতিয়া পৰিয়ালটোৱে বিচাৰিছে ৰাইজৰ অকণমান সঁহাৰি।এইক্ষেত্ৰত দৰিদ্ৰ পৰিয়ালটোৰ ওচৰত থিয় দিছে স্থানীয় গাঁওবাসীও ।মেধাৱী ছাত্র জনলৈ দৃষ্টি নিক্ষেপ কৰি অলপ আৰ্থিক সাহাৰ্য্যৰে সহায় কৰি পুনৰ ছাত্ৰ গৰাকীক আমাৰ মাজলৈ সুস্থ কৰি আনিবৰ বাবে অসমবাসীলৈ আহ্বান জনাইছে স্থানীয় ৰাইজেও । মেধাৱী ছাত্ৰ গৰাকীক সহায়ৰ হাত আগবঢ়াবৰ বাবে  ৭০৮৬০৪১২০৯ নম্বৰত যোগাযোগ কৰি একাউন্ট নম্বৰ - ৫০২৫৫৭৬১৬৮৭, একাউন্ট হলডাৰ - মুকুল বৰুৱা, এলাহাবাড বেঙ্ক - তেজপুৰ শাখা, আ. এফ. এচ. চি কোড - ২২০৬৩৭ৰ মাধ্যমেৰে সহায়ৰ হাত আগবঢ়াব পাৰে বুলি পৰিয়ালৰ লোকে জনাইছে ।

Your Comments