
সোণাৰিৰ পৰা ঘন বৰা
লোকসভা নিৰ্বাচনলৈ দুটা দিন থকা সময়তে অসম- নাগালেণ্ড সীমান্তৰ সোণাৰিৰ নামতোলাৰ টাওকাক চাহ বাগিচাৰ পানীগছ অঞ্চলত ২০ কাৰ্টুনৰো অধিক বিলাতী সুৰা জব্দ কৰে চিআৰপিএফ আৰু নামতোলা আৰক্ষীয়ে । নিয়মীয়া তালাচীত জব্দ কৰা হয় সুৰাখিনি।
'এচ ০৪ আৰ ১০৯০' নম্বৰৰ এল্ট' আৰু নম্বৰবিহীন অট'ত নিয়া সুৰাখিনি নামতোলা নিবাসী দীপক শ্বাহ , সোণাৰিৰ মাধৱ চেতিয়া আৰু অট',ৰিক্সা চালক পুলক মজুমদাৰৰ বুলি জানিব পৰা গৈছে। জব্দ কৰা সুৰাৰ লগতে তিনিওকে অভিযানকাৰী দলটোৱে নামতোলা আৰক্ষী থানাত চমজাই দিয়ে।
- Log in to post comments
- 1 view