শিলচৰৰ পৰা বিক্ৰম দাস
আসন্ন লোকসভা নির্বাচনৰ বাবে এইবাৰ পশ্চিম কাটিগড়াক লক্ষ্য হিচাপে লৈ তীব্ৰ প্রচাৰ চলাইছে কালাইন ব্লক কংগ্রেছে । শুকুৰবাৰে কালাইন ব্লক কংগ্রেছে সমগ্ৰ অঞ্চলটোত মুঠ আঠখন সভা অনুষ্ঠিত কৰে ।
প্রতিখন সভাত অংশ লয় দলৰ শিলচৰ লোকসভা আসনৰ প্ৰক্ষেপিত প্রার্থী তথা মহিলা কংগ্রেছৰ সর্বভাৰতীয় সভানেত্রী সুস্মিতা দেৱে । বিজেপিৰ দুর্গখ্যাত পশ্চিম কাটিগড়াৰ মহাদেৱপুৰ গাওঁ পঞ্চায়তৰ এখন সভাত সাংসদ তথা প্রার্থী সুস্মিতা দেৱে মোডী চৰকাৰৰ দীর্ঘ পাঁচ বছৰৰ ব্যর্থতাৰ খতিয়ান দাঙি ধৰে। বিজে পিৰ নেতাসকল ভ্রষ্টাচাৰত নিমজ্জিত বুলি তেওঁ মন্তব্য কৰে।বিমুদ্ৰাকৰণৰ নামত দেশৰ জনগনক চৰম হাৰাশাস্তিৰ মুখলৈ ঠেলি দিয়া হ'ল বুলি তেওঁ কয়।
দেৱে কয়-চাকৰিৰ প্রতিশ্রুতি এতিয়া এক হাঁহিৰ খোৰাক হৈ উঠিছে।বিগত পাঁচ বছৰত মোডীৰ শাসনত নিবনুৱা সমস্যা গুৰুতৰ হৈ পৰিছে। খাদ্যদ্ৰব্যৰ আকাশলংঘী মূল্য বৃদ্ধি ঘটিছে।কংগ্রেছ ক্ষমতালৈ আহিলে প্রত্যেকগৰাকী দৰিদ্র সীমা ৰেখাৰ তলত বসবাসকাৰী পৰিয়ালে ছয় হেজাৰ টকা লাভ কৰিব বুলি মন্তব্য কৰে সুস্মিতা দেৱে।
লগতে প্ৰশ্ন কৰে, গুজৰাট মডেল কত ? ১৫ লাখ টকা জনতাই পালেনে ? ডিটেনচন কেম্প সমুহ ভাঙি দিয়া হৈছে নে ? ৰাম মন্দিৰ নিৰ্মাণ হ'ল নে ? কংগ্রেছ নেতা বিশাল চৰকাৰৰ পৌৰোহিত্যত অনুষ্ঠিত বিভিন্ন সভাত অন্যান্যসকলৰ সৈতে বক্তব্য প্ৰদান কৰে ব্লক কংগ্রেছৰ উপ-সভাপতি কনক নাথ , মহিলা কংগ্রেছৰ জিলা সভানেত্রী সঞ্চিতা নাথ, ব্লক সভানেত্রী মিতা নাথ আদিয়ে।
উল্লেখ্য যে মহিলা কংগ্রেছৰ কালাইন ব্লক কমিটীৰ উদ্যোগত আয়োজিত জলালপুৰৰ এখন ঘৰুৱা সভাত বিভিন্ন জনগোষ্ঠীৰ মহিলাসকলৰ উপস্হিতি আছিল লক্ষণীয় ।
- Log in to post comments
- 27 views