হাতীচোং শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ ৰূপালী জয়ন্তী উপলক্ষে তৰ্ক প্ৰতিযোগিতা

nagaon

নগাঁৱৰ পৰা ঋতুপৰ্ণ শৰ্মা

শংকৰদেৱ বিদ্যা নিকেতন, হাতীচোঙৰ, ৰূপালী জয়ন্তী (১৯৯৩-২০১৮) সমাৰোহ উপলক্ষে মুন্না বৰা সোঁৱৰণী অবিভক্ত নগাঁও জিলা ভিত্তিক আন্তঃবিদ্যালয়/কনিষ্ঠ মহাবিদ্যালয়/মহাবিদ্যালয় (অষ্টম মানৰ পৰা দ্বাদশ মানলৈ) তৰ্ক প্ৰতিযোগিতা সোমবাৰে অনুষ্ঠিত হৈ যায় |

সমাজ সেৱিকা মালতী বৰাৰ দ্বাৰা উন্মোচিত পৰিৱেশ নিকাকৰণ অভিযান আৰু ডিমৰীয়া কলেজৰ সহযোগী অধ্যাপক মোহিনী মোহন ডেকাৰ দ্বাৰা প্ৰাৰম্ভিক বন্তি প্ৰজ্বলন আৰু মুন্না বৰাৰ প্ৰতিচ্ছবিৰ সমুখত বন্তি প্ৰজ্বলন, বিদ্যালয়ৰ প্ৰধান আচাৰ্যা তৰুলতা হাজৰিকাৰ দ্বাৰা মুন্না বৰাৰ জীৱনত আলোকপাত; ৰামানুজন  উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ দিলীপ কুমাৰ বৰাৰ দ্বাৰা উদ্বোধনৰে আৰম্ভ হোৱা 'শিশুৰ সৰ্বাংগীণ বিকাশৰ বাবে মাতৃভাষা শিক্ষা প্ৰয়োজনীয়' শীৰ্ষক তৰ্ক প্ৰতিযোগিতাখনিত সদনৰ অধ্যক্ষ ৰূপে উপস্থিত থাকে গুৱাহাটী বিশ্ববিদ্যালয় উত্তৰ-পূব ভাৰত অধ্যয়ন প্ৰতিষ্ঠানৰ ডঃ দেৱাশিস বেজবৰুৱা; বিচাৰক হিচাপে উপস্থিত থাকে ৰাষ্ট্ৰসংঘৰ আন্তৰ্জাতিক অনাময় পুঁজিৰ অসম ৰাজ্যিক প্ৰৱন্ধক ডঃ অৰূপ জ্যোতি কলিতা, দৈনিক অসম বাতৰি কাকতৰ বাতৰি ব্যূৰ'ৰ উপ প্ৰধান জীতেন্দ্ৰ কুমাৰ চৌধুৰী,  তথা বিশিষ্ট কবি নাট্যকাৰ গণেশ লুইতপৰীয়া | 

উনৈশজন তাৰ্কিকে অংশগ্ৰহণ কৰা প্ৰতিযোগিতাত শ্ৰেষ্ঠ তাৰ্কিকৰ সন্মান লাভ কৰে ৰামানুজন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ধীৰজিৎ হাজৰিকা, দ্বিতীয় শ্ৰেষ্ঠ তাৰ্কিক ৰেনেচা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ উন্নতি ডেকা, তৃতীয় শ্ৰেষ্ঠ তাৰ্কিক বেবেজীয়া আৰ্য জাতীয় বিদ্যালয়ৰ কাব্যশ্ৰী শইকীয়াই | দলীয়ভাৱে শ্ৰেষ্ঠ তাৰ্কিক দলৰ খিতাপ লাভ কৰে হাতীচোং শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ বৰেণ্য কৌশিক, চাইনী ভূঞাই |

nagaon

দ্বিতীয় শ্ৰেষ্ঠ তাৰ্কিক দল হয় ৰামানুজন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ধীৰজিৎ হাজৰিকা আৰু অৰুন্ধতী হাজৰিকা | সৰ্বশ্ৰেষ্ঠ পুৰস্কাৰসমূহ মুন্না বৰাৰ সোৱঁৰণত প্ৰদান কৰা হয় | সদনত উত্থাপিত প্ৰস্তাৱৰ ওপৰত সদনত উপস্থিত সকলৰ মাজত পৰা বক্তব্য ৰাখে শিক্ষাবিদ পূৰ্ণ চন্দ্ৰ বেজবৰুৱা, বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি ৰাণা প্ৰকাশ বৰা, সাহিত্যিক ত্ৰৈলোক্য ভট্টাচাৰ্য  ইত্যাদিয়ে ৷ উদ্বোধনী ভাষণত দিলীপ কুমাৰ বৰাই শিক্ষা ক্ষেত্ৰৰ পৰিৱৰ্তন আৰু সময়োপযোগী শিক্ষাৰ প্ৰয়োজনীয়তাৰ ওপৰত আলোকপাত কৰে | মোহিনী মোহন ডেকাই তৰ্ক কলাৰ বিভিন্ন দিশৰ ওপৰত আলোকপাত কৰি প্ৰতিযোগীসকলক উৎসাহিত কৰে |

ডঃ অৰূপ জ্যোতি কলিতাই সমাজ বিকাশত তৰ্ক প্ৰতিযোগিতাৰ গুৰুত্বৰ বিষয়ে কৈ শিক্ষানুষ্ঠানসমূহত তৰ্ক, বক্তৃতা ইত্যাদি বাক কলাৰ কৰ্মশালাৰ আয়োজন কৰাৰ প্ৰয়োজনীতাৰ বিষয়ে কয়| জীতেন্দ্ৰ কুমাৰ চৌধুৰীয়ে সমাজ সচেতনতাৰ বাবে তৰ্ক প্ৰতিযোগিতাসমূহে সৃষ্টি কৰিব পৰা ধনাত্মক পৰিকাঠামোৰ বিষয়ে কয়|  ডঃ দেৱাশিস বেজবৰুৱাই অধ্যক্ষৰ বক্তব্যত নৱ প্ৰজন্মৰ বৌদ্ধিক বিকাশ আৰু গঠনমূলক মানসিকতাৰ সৃষ্টিত তৰ্ক প্ৰতিযোগিতাৰ গুৰুত্বৰ বিষয়ে আলোকপাত কৰে ৷ 

গণেশ লুইতপৰীয়াই ব্যক্তিত্বৰ বিকাশত তৰ্ক প্ৰতিযোগিতাই পালন কৰা ভূমিকাৰ বিষয়ে কয়| তৰ্ক প্ৰতিযোগিতাৰ অনুষ্ঠানৰ পৰিচালনা কৰে ঋষিৰাজ ভৰদ্বাজ, নিলোৎপল বৰা, দেৱৰ্ষি বৰা, হৰ্ষ জ্যোতি বৰাই৷ তৰ্ক প্ৰতিযোগিতাৰ শেষত ৰূপালী জয়ন্তী সমাৰোহ উদযাপনৰ লগত জড়িত বিশিষ্ট ব্যক্তিসকলক সম্বৰ্ধনা জ্ঞাপন কৰা হয় ৷

Your Comments