নলবাৰীৰ পৰা হেমন্ত কলিতা
নলবাৰী জিলাৰ দক্ষিণ প্ৰান্তৰ বাহঁজানীৰ বৰ আজাৰাত আজি অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ উদ্যোগত আৰু জিলা প্ৰশাসনৰ সহযোগত সাংস্কৃতিক প্ৰকল্প আৰু সাংস্কৃতিক মঞ্চৰ আধাৰশিলা স্থাপন কৰা হয় । আনুষ্ঠানিকভাৱে আধাৰশিলা স্থাপন কৰে সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী নৱ কুমাৰ দলেই ।
ইয়াৰ পিছতে এখন সভা অনুষ্ঠিত হয়। সভাত মন্ত্ৰী নৱ কুমাৰ দলে ভাষণ ৰাখি কয় যে- বাসন্তী খোলাৰ চান্দুকুছি বৰ আজাৰাৰ এই সাংস্কৃতিক প্ৰকল্প আৰু মঞ্চই অঞ্চলটোত ধৰ্মীয় চেতনা, ভাতৃত্ববোধ, সংস্কৃতিৰ দিশত উল্লেখনীয় বৰঙণি আগবঢ়াব আৰু সাংস্কৃতিক চৰ্চাৰ কেন্দ্ৰ বিন্দু হ'ব বুলি আশা কৰিছো । মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন অসম চৰকাৰে সাংস্কৃতিক জগতখনৰ উত্তোৰণৰ বাবে বিভিন্ন আঁচনি হাতত লৈ তাক ৰূপায়ণৰ বাবে দিহা কৰা হৈছে বুলি দোহাৰে। সভাত উদ্যোগ, বাণিজ্যিক আৰু পৰিবহণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী ভাষণত কয় যে- অসমৰ জাতি-মাটি-ভেটি, সংস্কৃতি ৰক্ষা কৰিব পাৰিব একমাত্ৰ বিজেপি চৰকাৰ তথা দলেহে ।
বিগত সময়ত কংগ্ৰেছকে ধৰি বহু চৰকাৰ হ'ল যদিও ৰাইজৰ সমস্যা সমাধান কৰিবলৈ ব্যৰ্থ হৈছে। ৰাইজে এতিয়া উপলব্ধি কৰিছে যে বিজেপি চৰকাৰৰ বাদে কোনোৱে অসমৰ সমস্যা সমাধান কৰিব নোৱাৰে । ৰাইজে আশা কৰা ধৰণে বিজেপি চৰকাৰে কাম কৰি আছে আৰু কৰি থাকিব বুলি মন্ত্ৰীগৰাকীয়ে দোহাৰে ।
সভাত নলবাৰী সমষ্টিৰ বিধায়ক অশোক শৰ্মা উপস্থিত থকাৰ উপৰি জিলা উপায়ুক্ত ভৰত ভূষণ চৌধুৰীয়ে শলাগৰ শৰাই আগবঢ়াই । সাস্কৃতিক পৰিক্ৰমা বিভাগৰ সঞ্চালিকা বৰ্ণালী শৰ্মাই আদৰণী ভাষণ ৰখা গাম্ভীৰ্যপূৰ্ণ সভাখনত বৰক্ষেত্ৰী সমষ্টিৰ বিধায়ক নাৰায়ণ ডেকা, লগতে জিলাখনৰ বিজেপিৰ সহস্ৰাধিক নেতা কৰ্মী তথা ৰাইজ উপস্থিত থাকে ।
- Log in to post comments
- 15 views