গোলাঘাটৰ পৰা মীনাক্ষী ফুকন
পোন প্ৰথম গোলাঘাটত আৰম্ভ হোৱো সুৰা ঘটনাৰ প্ৰতিবাদ চলি থকা সময়তে ৰাজ্য চৰকাৰে ঘোষণা কৰা লালীগুড় নিষিদ্ধকৰণ সিদ্ধান্তক মানি ল'ব পৰা নাই গোলাঘাটৰ বিভিন্ন দল-সংগঠনে। ইফালে যোৱা দুদিন ধৰি মদ মুক্ত অসম দাবী সমিতি, বীৰাংগনা নাৰী শক্তি আদিৰ দৰে সংগঠনে 'অপাৰেচন তহিলং' নামাকৰণেৰে মুৰফুলনি, ফৰকাটিং আদি অঞ্চলত মদৰ ঘাটি ধ্বংস কৰি শ শ লিটাৰ মদ নষ্ট কৰি তীব্ৰ প্ৰতিবাদ কৰি আহিছিল।
তেনে সময়তে লালীগুড় নিষিদ্ধকৰণ হ'ব বুলি কোৱা চৰকাৰী ঘোষণাত এক স্বস্তিৰ নিঃশ্বাস এৰিছিল যদিও, পিছত ৰাজ্য চৰকাৰে ১৪৪ ধাৰা নিষেধাজ্ঞাৰ জৰিয়তে লালীগুড় নিষদ্ধকৰণৰ বাবে দিয়া নিৰ্দেশক এক হাস্যকৰ নিৰ্দেশ বুলিহে আখ্যা দিছে বহু কেইটা সংগঠনে। ইয়াৰোপৰি জিলা উপায়ুক্তলৈ লালীগুড় নিষিদ্ধকৰণৰ দায়িত্ব কিয় এৰি দিছে বুলি প্ৰশ্ন তোলে ।
ইয়াৰ লগতে ৰাজ্য চৰকাৰক কেবিনেটত সিদ্ধান্ত গ্ৰহণৰ দাবী তোলাৰ লগতে বহি: ৰাজ্যৰ লালীগুড় বন্ধ কৰাৰ দাবী তোলে মদ মুক্ত অসম দাবী সমিতি, আছু, চাহ মুক্তি সংগ্ৰাম সমিতি আদিৰ দৰে সংগঠনসমূহে। চৰকাৰে জিলা উপায়ুক্তলৈ ঠেলি দিয়া এই নিৰ্দেশ চৰকাৰৰ ভেঁকোভাওনা বুলিহে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কেউটা সংগঠন আৰু সচেতনমহলে।
- Log in to post comments
- 8 views