নগাঁৱৰ পৰা ঋতুপৰ্ণ শৰ্মা
নগাঁও জিলাৰ বৃহত্তৰ হাতীচোং অঞ্চলৰ অগ্ৰণী শিক্ষানুষ্ঠান হাতীচোং শংকৰদেৱ শিশু নিকেতনে সগৌৰৱেৰে ২৫টা বছৰ অতিক্ৰম কৰিলে। হাতীচোং অঞ্চলত মানৱ সম্পদ সৃষ্টিৰ ক্ষেত্ৰত প্ৰভূত অৰিহণা আগবঢ়াই অহা তথা ১৯৯৩ চনতে স্থাপিত শিক্ষানুষ্ঠানখনৰ ৰূপালী জয়ন্তী সমাৰোহখনি তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্য্যসূচীৰে নিকেতনৰ প্ৰাঙ্গণত অহা ৯-১১ মাৰ্চলৈ উদযাপনৰ কৰা হ'ব।
এই লৈ এতিয়া ব্যাপক ৰূপত প্ৰস্তুতি পৰ্ব চলিছে। ৰূপালী জয়ন্তী সমাৰোহৰ প্ৰথম দিনা পুৱা বন্তি প্ৰজ্বলনৰ পিছত ৯ বজাত নিকেতনৰ ২৫খন পতাকা একলগে উত্তোলন কৰা হ'ব। ১০ বজাত অনুষ্ঠিত হ'ব লগা শিশুৰ শাৰিৰীক কাৰ্য্যক্ৰম আৰু ৰং মেলা অনুষ্ঠানত উপস্থিত থাকিব অসমীয়া ধাৰাবাহিক বেহাৰবাৰী আউটপ'ষ্টৰ অভিনেতা মোহন আৰু কৃষ্ণকমল খাটনিয়াৰ। বিয়লি ১ বজাত এখনি মুকলি সভাৰ পাছতে অনুষ্ঠিত হ'ব প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ সন্মিলনী শীৰ্ষক অনুষ্ঠান।
নিশালৈ আমন্ত্ৰিত শিল্পীৰদ্বাৰা বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ'ব। আনহাতে, দ্বিতীয় দিনা পুৱা পৰিৱেশ নিকাকৰণ কাৰ্যসূচীৰ অন্তত ৯ বজাত এক বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হ'ব। বিয়লি ১ বজাত অনুষ্ঠিত হ'ব লগা মুকলি সভাতে নিকেতনৰ ২৫ জন শুভাকাংক্ষীক সম্বৰ্ধনা অনুষ্ঠান আৰু স্মৃতিগ্ৰন্থ উন্মোচন কৰা হ'ব।
নিশালৈ সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ'ব। তৃতীয় দিনা পুৱা পৰিৱেশ নিকাকৰণ আৰু বন্তি প্ৰজ্বলনৰ পাছতে 'শিশুৰ সৰ্বাঙ্গীন বিকাশত মাতৃভাষা শিক্ষাৰ প্ৰয়োজনীয়তা' শীৰ্ষক এখনি তৰ্ক প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। পুৱা ১১ বজাত নিকেতনৰ ছাত্ৰ-ছাত্ৰীৰদ্বাৰা বিচিত্ৰানুষ্ঠানৰ পাছতে ৰূপালী জয়ন্তী সমাৰোহৰ সামৰণি পৰিব। উক্ত সমাৰোহখনিত অঞ্চলৰসমূহ ৰাইজ লগতে প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলৰ উপস্থিতি, সহায় সহযোগ কামনা কৰিছে উদযাপন সমিতিয়ে ।
- Log in to post comments
- 12 views