নগাঁৱৰ পৰা ঋতুপৰ্ণ শৰ্মা
নগাঁও জিলাৰ হাতীচোং মৌজাৰ চকলাঘাট সোণাইপাৰৰ ঐতিহ্যমণ্ডিত গৌৰীনাথ মন্দিৰত মহাশিৱৰাত্ৰি উপলক্ষে বিভিন্ন কাৰ্যসূচীৰ লগতে অনুষ্ঠিত হৈছে শ্ৰীশ্ৰী মহাৰুদ্ৰ যজ্ঞ৷ চাৰিদিনীয়া কাৰ্যসূচীৰে আজিৰে পৰা আৰম্ভ হোৱা মহা শিৱৰাত্ৰি মহোৎসৱৰ প্ৰথমদিনাই লোকে লোকাৰণ্য হৈ পৰিছে সোণাইপাৰ গৌৰীনাথ শিৱ মন্দিৰৰ বাকৰি। সকলোৱে পৰম্পৰাগত নীতি-নিয়মমতে মহাদেৱ শিৱক পূজা আগবঢ়াযই মনোকামনা পূৰণাৰ্থে নিবেদন কৰিছে সেৱা৷
সততে ব্যস্ততাৰ মাজতে সমষ্টিৰ প্ৰায়বোৰ ধৰ্মীয় কাৰ্যসূচীত জড়িত হোৱা যুৱ সাংসদ গৌৰৱ গগৈয়ে আজি দিনটো কলিয়াবৰৰ সংসদীয় সমষ্টিৰ অন্তৰ্গত বিভিন্ন স্থানত কেইবাটাও কাৰ্যসূচীত ভাগ লোৱাৰ পিছত সন্ধিয়া গৌৰীনাথ শিৱমন্দিৰত উপস্থিত হৈ মহা শিৱৰাত্ৰিৰ আনুষ্ঠানিক পূজা অৰ্পণ কৰে৷ দিনটো উপবাসে থাকি সন্ধিয়া প্ৰায় ৬ বজাত সোণাইপাৰৰ মন্দিৰত উপস্থিত হোৱা সাংসদগৰাকীক মন্দিৰ পৰিচালনা সমিতিৰ লগতে স্থানীয় ৰাইজে আদৰণি জনায়৷
মন্দিৰ পৰিচালনা সমিতিৰ স'তে মন্দিৰভাগৰ উন্নয়ন সন্দৰ্ভতো আলোচনাত মিলিত হয়৷ পিছত পুৰোহিতৰ বৈদিক মন্ত্ৰোচ্চাৰণৰ মাজত মহাদেৱ শিৱক নিজৰ লগতে সমষ্টিবাসীৰ কুশল-মংগল কামনাৰে পূজা-অৰ্চনা কৰে সাংসদগৰাকীয়ে৷ উল্লেখ্য যে গৌৰীনাথ শিৱমন্দিৰত ঐতিহাসিক বসুন্ধৰী থানৰ পৰা জীয়া শিল আনি প্ৰতিষ্ঠা কৰা হৈছে নৱনিৰ্মিত শিৱলিংগ। সোমবাৰৰ পৰা চাৰিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা শিৱৰাত্ৰিৰ যজ্ঞত আজি সহস্ৰাধিক ভক্তৰ সমাগমেৰে উদুলি-মুদুলি পৰিৱেশৰ সৃষ্টি হয় ঐতিহাসিক গৌৰীনাথ শিৱ মন্দিৰৰ বাকৰি। কাইলৈ দিনজোৰা অন্যান্য কাৰ্যসূচীৰ লগতে নিশালৈ অনুষ্ঠিত হ'ব অসমীয়া ভাওনা৷
- Log in to post comments
- 27 views