সোণাৰিৰ পৰা ঘন বড়া
চৰাইদেউ জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা সংবাদ পৰিবেশন কৰি অহা সংবাদসেৱীৰ উমৈহতীয়া সাংবাদিক মঞ্চ চৰাইদেউ প্ৰেছ গীল্ড। ২০০৬ চনত জন্মলাভ কৰা চৰাইদেউ প্ৰেছ গীল্ডে জিলাখনৰ বিভিন্ন বা-বাতৰি পৰিবেশন কৰি ৰাইজৰ আগত দাঙি ধৰিবলৈ সক্ষম হৈছে। ২ আৰু ৩ মাৰ্চত গীল্ডৰ পঞ্চম দ্বি-বাৰ্ষিক অধিৱেশনখন টিমনবাসী ৰাইজৰ সহযোগত দুদিনীয়াকৈ আলহাজ জে আহমেদ সোঁৱৰণী উচ্চ মাধ্যমিক বিদ্যালয় খেলপথাৰত অনুষ্ঠিত হয়।
অধিৱেশনৰ প্ৰথমদিনা গীল্ডৰ প্ৰতিনিধি সভাত সূৰ্য বৰাক সভাপতি, কেশৱ গগৈক কাৰ্যকৰী সভাপতি আৰু অৰূপ দিহিঙ্গীয়াক সম্পাদকৰূপে লৈ এখন শক্তিশালী সমিতি গঠন কৰে। সূৰ্য কুমাৰ বৰাৰ সভাপতিত্ব অনুষ্ঠিত মুকলি সভাৰ আদৰণী ভাষণ দিয়ে উদ্যাপন সমিতিৰ সভাপতি কনকেশ্বৰ দত্তই। সভাখন উদ্বোধন কৰে জিলাৰ উপায়ুক্ত দীপক কুমাৰ সন্দিকৈয়ে। সভাত অসম চৰকাৰৰ শক্তি আৰু গড়কাপ্তানী মন্ত্ৰী তপন কুমাৰ গগৈ, মাহমৰাৰ সমষ্টিৰ বিধায়ক যোগেন মহন, দৈনিক বাতৰিকাকত "অসম আদিত্য"ৰ পৰিচালন সঞ্চালক নিৰ্মল চাহেৱালা, আপকুৰ সভাপতি মনোজ সিং, টাইপাৰ কাৰ্যকৰী সভাপতি লোহিত গগৈ, শিক্ষক মণি গগৈ আদিৰ বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে।
গীল্ডৰ মুখপত্ৰ "অতন্দ্ৰ প্ৰহৰী" উন্মোচন কৰে সোণাৰি মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ মুৰব্বী অধ্যাপক ডঃ সুনীল দত্তই। উক্ত মুকলি সভাতে কৃতী শিক্ষক বিদ্যা গগৈ, বাতৰি বিতৰকদ্বয় মহন্দ্ৰ ডেকা আৰু বিদ্যা বৰবৰুৱাক সম্বৰ্ধনা জনোৱা হয়। টিংখং সমষ্টিৰ বিধায়ক বিমল বড়াই মুকলি কৰা সাংস্কৃতিক সন্ধিয়াত গীত পৰিৱেশন কৰে জনপ্ৰিয় কণ্ঠশিল্পী বিপিন চাউদাঙে। অন্যহাতে, পুৱা পতাকা উত্তোলন কৰে গীল্ডৰ সভাপতি সূৰ্য কুমাৰ বৰা আৰু উদ্যাপন সমিতিৰ সভাপতি কনকেশ্বৰ দত্তই। স্মৃতি তৰ্পণ কৰে কেশৱ গগৈ আৰু মিতুপৰ্ণ গগৈয়ে। দিনৰ ভাগত ছাত্র-ছাত্ৰীৰ মাজত চিত্ৰাংকন আৰু কুইজ প্ৰতিযোগিতা অনুষ্ঠিত হয়।
- Log in to post comments
- 35 views