নলবাৰী বালিকৰিয়াত শ্ৰীশ্ৰী মহাশিৱৰাত্ৰি পূজাৰ আয়োজন  

ৌগে

নলবাৰীৰ পৰা হেমন্ত কলিতা

নলবাৰী জিলাৰ বালিকৰিয়া (সৰু সস্তাৰ)ত শ্ৰীশ্ৰী শিৱ মন্দিৰ প্ৰাঙ্গণত দেওবাৰৰ পৰা মঙ্গলবাৰলৈ (৩ মাৰ্চৰ পৰা ৫ মাৰ্চ) তিনিদিনীয়াকৈ বৰ্ণাঢ়্য কাৰ্যসুচীৰে ৰূপালী জয়ন্তী বৰ্ষ হিচাপে উদযাপন কৰা হৈছে৷ দেওবাৰে পুৱা পতাকা উত্তোলন কৰা হয়৷ ৪ মাৰ্চত খেল-ধেমালি প্ৰতিযোগিতা, নাম প্ৰসঙ্গ, বন্তি প্ৰজ্বালন পাছত সন্ধিয়া পূজা আৰম্ভ হ'ব ৷ ইয়াৰ পাছত আতছবাজী, নাগাৰা নাম পৰিবেশন৷ নিশা ভোগ বিতৰণ৷

৫ মাৰ্চত পুৱা ভেশচন প্ৰতিযোগিতা, মহিলাৰ দিহা নাম প্ৰতিযোগিতা, আবেলি ৪:৩০ বজাত ৰূপালী জয়ন্তী বৰ্ষৰ মুকলি সভা আৰু বঁটা বিতৰণী অনুষ্ঠান৷ অতিথি শিল্পী হিচাপে বিশিষ্ট অভিনেত্ৰী চেতনা দাস উপস্থিত থাকিব৷ লগতে কেবাগৰাকী বিশিষ্ট ব্যক্তি মুখ্য অতিথি, বিশিষ্ট অতিথি, নিৰ্দ্দিষ্ট বক্তা, আমন্ত্ৰিত অতিথি উক্ত সভাত উপস্থিত থাকিব৷

সন্ধিয়া ৫:৩০ স্মৃতিগ্ৰন্থ উন্মোচন কৰিব নলবাৰী ৰত্ন বিশিষ্ট সাহিত্যিক ডঃ বসন্ত কুমাৰ ভট্টাচাৰ্যই৷ নিশা সাংস্কৃতিক সন্ধিয়া অনুষ্ঠিত হ'ব৷ সাংস্কৃতিক সন্ধিয়াত জনপ্ৰিয় কণ্ঠ শিল্পী নিপন বসুমতাৰী, প্ৰিয়ংকা কলিতা, জুৰিমা বৰ্মনৰ লগতে কিশোৰ নিলিমে গীত পৰিবেশন কৰিব বুলি উদ্যোক্তাসকলে জনাইছে৷

Your Comments