গোলাঘাটত ৰাজ্য চৰকাৰৰ প্ৰতিনিধিবৰ্গক সাক্ষাৎ মদ মুক্ত অসম দাবী সমিতিৰ 

golaghat

গোলাঘাটৰ পৰা মীনাক্ষী ফুকন

ইতিমধ্যে সংঘটিত হোৱা সুৰা কাণ্ডৰ খবৰ ল'বলৈ অহা অসম বিধানসভাৰ সৰ্বদলীয় প্ৰতিনিধিবৰ্গক কালি  গোলাঘাটস্থিত উষা বাগিচাত সাক্ষাৎ কৰে মদ মুক্ত অসম দাবী সমিতিৰ দলে। সাক্ষাৎ কৰি সংগঠনটিয়ে অসমত সুৰা নিষিদ্ধ কৰাৰ দাবী তোলাৰ লগতে সুৰা তৈয়াৰী কৰা লালীগুড় সম্পূৰ্ণৰূপে নিষিদ্ধ কৰাৰ দাবী কৰে। মদ মুক্ত অসম দাবী সমিতিৰ কেন্দ্ৰীয় সভাপতি প্ৰবীণ দাসে অসম বিধানসভাৰ অধ্যক্ষ হিতেন্দ্ৰ নাথ গোস্বামীক ৰাজ্য চৰকাৰে আগবঢ়োৱা সোণ, এটকীয়া চাউল নালাগে বুলি কৈ, দৰকাৰত অধিক কৰ প্ৰদান কৰাৰ পোষকতা কৰে।

gl

যাতে তাৰ ঠাইত সমগ্ৰ অসমত সুৰা নিষিদ্ধ হয়। অধ্যক্ষ গোস্বামীয়ে এই দাবীক বিধানসভাত উত্থাপন কৰাৰ আশ্বাস দিয়ে। ইয়াৰ পিছতে সংগঠনটিৰ হৈ নেতাজনে 'সুৰা মৃত্যুৰ অন্য নাম'ৰ শীৰ্ষক গ্ৰন্থখনি উপহাৰ দিয়াৰ লগতে সুৰা নিষিদ্ধকৰণৰ এখন স্মাৰক-পত্ৰ প্ৰদান কৰে। ৰাজ্য চৰকাৰে এই ক্ষেত্ৰত এক উচিত সিদ্ধান্ত গ্ৰহণ কৰিব বুলি আশাবাদী সংগঠনটো।

Your Comments