গোলাঘাটৰ পৰা মীনাক্ষী ফুকন
অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি তথা ৰাজ্যসভাৰ সাংসদ ৰিপুন বৰাই আজি প্ৰদেশ কংগ্ৰেছ কমিটীৰ এক সজাতি দলৰ সৈতে বিষাক্ত দেশীয় সুৰা সেৱন কৰি গোলাঘাটৰ বিভিন্ন অঞ্চলত হতাহত হোৱা লোকসকলৰ পৰিয়ালবৰ্গক সাক্ষাৎ কৰি কুশল-বাৰ্তা লোৱাৰ লগতে কিছু সাহাৰ্য সামগ্ৰী প্ৰদান কৰে |
তদুপৰি তেখেতে পিতৃ-মাতৃ উভয়কে হেৰুৱাই নিঠৰুৱা হোৱা শিশুসকলক কিছু অৰ্থ সাহাৰ্য প্ৰদান কৰে | তেখেতে লগতে এই ঘটনাৰ এক উচ্চ পৰ্যায়ৰ তদন্ত আৰু দোষী ব্যক্তিসকলৰ কঠোৰ শাস্তি দাবী কৰে| তেখেতৰ লগতে প্ৰদেশ কংগ্ৰেছৰ সম্পাদক ক্ৰমে পলাশ তামুলী, মঞ্জিৰ গগৈ আৰু দাদু টায়ে, জিলা কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি গুণীন বৰদলৈ, সাঃ সম্পাদক জেনিথ বৰা, মহিলা কংগ্ৰেছৰ জিলা সভানেত্ৰী মিনতি দলে, পদুমণি ব্লক কংগ্ৰেছৰ সভাপতি বিবেকা ৰাজখোৱা আদিৰ লগতে অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ সম্পাদক দিব্যজ্যোতি দাস বৰায়ে অংশগ্রহণ কৰে৷
- Log in to post comments
- 11 views