ডবকাৰ পৰা জমিৰ উদ্দিন তালুকদাৰ
হোজাই জিলাৰ দক্ষিণ নগাওঁ বন সংমণ্ডলৰ অন্তৰ্গত ডবকা সংৰক্ষিত বনাঞ্চলৰ হালধিআটিত বনকৰ্মীৰ মাজত মূল্যবান চন্দন গছৰ খেতি আৰু গুটি গজোৱাৰ ওপৰত এক প্ৰশিক্ষণ প্ৰদান কৰা হয় ৷ ডবকাস্থিত যমুনা উপত্যকা বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়ৰ অধীনৰ হালধিআটি কেম্পা নাৰ্চাৰীত চন্দন গুটি গজোৱাৰ এই প্ৰশিক্ষণ কাৰ্যসূচী হৈ যায় ৷
বন কাৰ্যালয়টোৰ অধীনৰ ফ্ৰন্টলাইন ষ্টাফক এই বিষয়ে প্ৰশিক্ষণ দিয়ে দক্ষিণ নগাঁও বন সংমণ্ডলৰ বন সুৰক্ষা বিষয়া মহেশ নাথে চন্দন গুটি গজোৱাৰ বিষয়ে বনকৰ্মীৰ দলটোক হাতে-কামে শিকাই দিয়ে ৷
হোজাই জিলাৰ এই নাৰ্চাৰীখনে ভিন্ন প্ৰজাতিৰ গছ পুলি উৎপাদন আৰু সংৰক্ষণ কৰি বন কাৰ্যালয়টোৰ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হয় ৷
আজি বনকৰ্মীৰ এটা দলক চন্দন গছৰ গুটি উৎপাদনৰ বিষয়ে আয়োজন কৰা কৰ্মশালাত ডবকাৰ বনাঞ্চলিক বিষয়া নেত্ৰকমল শইকীয়াও উপস্থিত থাকি এই নাৰ্ছাৰীখনৰ সংৰক্ষণ আৰু সংবৰ্দ্ধনৰ ওপৰত দিহা পৰামৰ্শ আগবঢ়ায় ৷
- Log in to post comments
- 24 views