বৰপেটাৰোডৰ পৰা ৰঞ্জিত তালুকদাৰ
অহা ৩ মার্চত বৃহত্তৰ বৰপেটাৰোড ব্যৱসায়ী সন্থাৰ ১৪ সংখ্যক বার্ষিক অধিৱেশনখনৰ আয়োজন কৰা হৈছে৷ বৰপেটাৰোড সাহিত্য সভা ভৱনত পুৱা ১০ বজাৰ পৰা আৰম্ভ হ'বলগীয়া অধিৱেশনতসমূহ সদস্যৰ উপস্থিতি আৰু সহায় সহযোগিতা আন্তৰিকতাৰে কামনা কৰা হৈছে ।
উক্ত দিনা ব্যৱসায়িক প্রতিষ্ঠানসমূহ সম্পূর্ণৰূপে বন্ধ ৰাখি অধিৱেশনখন সফল কৰিবলৈ সমূহ ব্যৱসায়ীকে অনুৰোধ জনাইছে বৃহত্তৰ বৰপেটাৰোড ব্যৱসায়ী সন্হাৰ সভাপতি কাৰ্তিক শৰ্মা কাৰ্যকৰী সভাপতি ধীৰাজ দেউৰী, সম্পাদকদ্বয়
সুজিত কুমাৰ সাহা আৰু বিনয় সাহাই।
- Log in to post comments
- 49 views