সুৰা ট্ৰেজেডিৰ খবৰ ল'বলৈ গোলাঘাটত অসম বিধানসভাৰ সৰ্বদলীয় দল 

golaghat

গোলাঘাটৰ পৰা মীনাক্ষী ফুকন

দেশ কঁপাই যোৱা সুৰা ট্ৰেজেডিৰ তদন্তৰ বাবে আজি গোলাঘাটত উপস্থিত হয় অসম বিধানসভাৰ সৰ্বদলীয় প্ৰতিনিধিৰ দল। গোলাঘাটত উপস্থিত হৈয়ে দলটোৱে গোলাঘাটৰ বিভিন্ন বিভাগৰ বিষয়াসকলৰ সৈতে এক আলোচনাত মিলিত হয়। আলোচনাৰ অন্তত দলটো অতিকৈ আক্ৰান্ত হোৱা শালমৰা চাহ বাগিচাত উপস্থিত হৈ মৃতকৰ পৰিয়াল আৰু আক্ৰান্তসকলৰ সৈতে মত বিনিময় কৰে। ইয়াৰ পিছতে দলটো উষা গৰঙা চাহ বাগিচাত উপস্থিত হৈ ঘটনাৰ বুজ লয়।

অসম বিধানসভাৰ অধ্যক্ষ হিতেন্দ্ৰ নাথ গোস্বামীৰ নেতৃত্বত অহা দলটোত আছিল বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়া, ৰকিবুল হুছেইন, ৰাজ্যিক মন্ত্ৰী পল্লৱলোচন দাস, অগপৰ সভাপতি অতুল বৰা, গোলাঘাট সমষ্টিৰ বিধায়িকা অজন্তা নেওগ, বিধায়ক ৰূপজ্যোতি কুৰ্মী, বিধায়িকা ৰ'জলীনা তিৰ্কী, এআইইউডিএফৰ বিধায়ক আমিনুল ইছলাম। ইয়াৰ পিছতে দলটো যোৰহাটৰ বৰহোলা চাহ বাগিচালৈ ৰাওণা হয়।

Your Comments