গোলাঘাটৰ পৰা মীনাক্ষী ফুকন
সুৰামুক্ত অসমৰ দাবীৰে সদৌ অসম দুৰ্নীতি নিবাৰক প্ৰকৃতি সুৰক্ষা সমিতিৰ অবিৰত অনশনে আজি তিনি দিনত ভৰি দিলে। ছয়জনীয়া এটি দলে অনশন চলাই আছে৷ সমিতিয়ে গোলাঘাট আৰু যোৰহাট জিলাৰ সুৰা কাণ্ডৰ সৈতে জড়িতক শীঘ্ৰে বিচাৰি উলিয়াই গ্ৰেপ্তাৰ কৰা, সমগ্ৰ অসমত সুৰা নিষিদ্ধ কৰা, গোলাঘাটৰ আবকাৰী আৰু যোগান বিভাগৰ মুৰব্বী বিষয়াৰ ওপৰত বিহীত ব্যৱস্হা গ্ৰহণ কৰা আৰু সুৰাৰ লগতে গুটখা, নিচাজাতীয় দ্ৰব্য, লালীগুড় নিষিদ্ধ কৰাৰ দাবী উত্থাপন কৰে।
- Log in to post comments
- 7 views