হাটশিঙিমাৰীত মুখ্য মন্ত্ৰী কৃষি সা-সজুলি যোজনাৰ উদ্ধোধন

হাটশিঙিমাৰীত মুখ্য মন্ত্ৰী কৃষি সা-সজুলি যোজনাৰ উদ্ধোধন


মানকাচৰৰ পৰা চান বৰ আলী

আজি দিনৰ ১১ বজাত হাটশিঙিমাৰীত দক্ষিণ শালমাৰা মানকাচৰ জিলা প্ৰশাসন আৰু জিলা কৃষি বিভাগৰ যৌথ উদ্যোগত অসমৰ পঞ্চায়ত আৰু গ্ৰামান্নয়ণ মন্ত্ৰী নৱ কুমাৰ দলে মুখ্য মন্ত্ৰী কৃষি সা-সজুলি আচঁনিৰ উদ্ধোধন কৰে।

হাটশিঙিমাৰীত মুখ্য মন্ত্ৰী কৃষি সা-সজুলি যোজনাৰ উদ্ধোধন

নৱ কুমাৰ দলে ভাষণ প্ৰসংগত কয়- অসম চৰকাৰে ২০২২ চনৰ ভিতৰত কৃষকৰ আয় দুগুণ বৃদ্ধি কৰিবলৈ বহুতো অভিলাসী আচঁনি হাতত লৈছে। 
আজিৰ অনুষ্ঠানত দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ উপায়ুক্ত আতিকা ছুলতানা, জিলা কৃষি বিষয়া ড০ মোজাম্মিল হক, অতিৰিক্ত উপায়ুক্ত ছৈবৰ ৰহমান, ৰাজেশ্বৰ টেৰাং , বিজেপিৰ বিধায়ক অশোক কুমাৰ সিংলী, লগতে দক্ষিণ শালমাৰা মানকাচৰ জিলা প্ৰশাসনৰ সকলো বিষয়া, প্ৰাক্তন মন্ত্ৰী আমিনুল ইছলাম, বিজেপিৰ জিলা সভাপতি আবু নাছিৰ উপস্থিত থাকে। 

আজিৰ সভাত প্ৰায় ৫ শতাধিক কৃষকে অংশগ্ৰহণ কৰে। 

Your Comments