গোলাঘাটৰ পৰা মীনাক্ষী ফুকন
গোলাঘাট-যোৰহাট জিলাত সংঘটিত হোৱা সুৰা ঘটনাত জাঙুৰ খাই উঠিছে সদৌ অসম দুৰ্নীতি নিবাৰক প্ৰকৃতি সুৰক্ষা সমিতি। মুঠ ছয়জন সক্ৰিয় কৰ্মীয়ে বুধবাৰৰ পৰা আৰম্ভ কৰিছে অবিৰত অনশন ।
জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সমীপত কৰা এই কাৰ্যসূচীত সুৰা ঘটনাৰ সৈতে জড়িতক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰাৰ দাবী তোলাৰ লগতে সমগ্ৰ অসমত মদ বন্ধ কৰা, গোলাঘাটৰ আবকাৰী আৰু যোগান বিভাগৰ মুৰব্বী বিষয়াৰ ওপৰত বিহীত ব্যৱস্থা গ্ৰহণ কৰা, সুৰাৰ লগতে গুটখা, নিচাযুক্ত দ্ৰব্য, লালীগুড় নিষিদ্ধ কৰি নিৰীহ জনতাক ৰক্ষা কৰাৰ দাবী তোলে।
বুধবাৰৰ পৰা কৰি অহা এই প্ৰতিবাদত সাধাৰণ ৰাইজৰ সহযোগ লক্ষণীয় আছিল।
- Log in to post comments
- 8 views