কামপুৰৰ বিশিষ্ট সমাজকর্মী, শিক্ষাবিদ তথা জ্যেষ্ঠ সাংবাদিক ৰেৱতীমোহন বৰঠাকুৰৰ বুধবাৰে নিশা মৃত্যু হয়। গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত উচ্চ ৰক্তচাপজনিত কাৰণত শেষ নিশ্বাস ত্যাগ কৰে বৰঠাকুৰে। । বৰঠাকুৰে কামপুৰৰ সামাজিক কাম-কাজত যথেষ্ট অৰিহণা আগবঢ়াইছিল।
বৈঠালাংচু উচ্চতৰ মাধ্যমিক বিদ্যালয়ত শিক্ষকতা আৰম্ভ কৰি এটা সময়ত বিদ্যালয়খনৰ অধ্যক্ষ পদ অলংকৃত কৰিছিল বৰঠাকুৰে। ডিফুৰ এখন বিদ্যালয়ৰ পৰা তেওঁ অৱসৰ গ্ৰহণ কৰিছিল ।বৰঠাকুৰ 'আছাম ট্ৰিবিউন' কাকতত কামপুৰৰ সংবাদদাতা হিচাপে নিয়োজিত আছিল । তেওঁৰ মৃত্যুত সমগ্ৰ কামপুৰ অঞ্চলতে শোকৰ ছাঁ পৰিছে।
অসম প্ৰদেশ কংগ্ৰেছৰ সম্পাদক বিভূতি ভূষণ বৰঠাকুৰৰ পিতৃ ৰেৱতীমোহন বৰঠাকুৰ মৃত্যুত কামপুৰ উন্নতি সাধনি সভা, কামপুৰ জ্যেষ্ঠ নাগৰিক সন্থা, কামপুৰ সাংবাদিক সন্থা, কামপুৰ প্রেছ ক্লাবকে আদি কৰি বিভিন্ন দল- সংগঠনে শোক প্ৰকাশ কৰিছে।৭৯ বছৰীয়া ৰেৱতী মোহন বৰঠাকুৰে মৃত্যুৰ সময়ত পত্নীৰ লগতে দুগৰাকী পুত্ৰ আৰু এগৰাকী কন্যা সন্তানক ইহসংসাৰত এৰি থৈ গৈছে ।
- Log in to post comments
- 12 views