বঙাইগাঁৱত চুলাই খাই এজনৰ মৃত্যুৰ পিচতে ৰাইজৰ মদৰ বিৰুদ্ধে অভিযান 

bongaigaon

বঙাইগাঁও সদৰ থানাৰ অন্তৰ্গত পুৰণি বঙাইগাঁৱৰ উলুবাৰীত আজি পুৱা এজন লোকৰ মৃতদেহ উদ্ধাৰ হয় ৷ পুৱা ৯ মান বজাত গাওঁখনৰ পথৰ দাঁতিত পৰি থকা অৱস্থাত উদ্ধাৰ হোৱা মৃত লোকজন গাওঁখনৰে ৰোহিন ৰায় (৩৮) বুলি চিনাক্ত কৰা হয় ৷ স্থানীয় লোক আৰু পৰিয়ালৰ লোকে প্ৰকাশ কৰা মতে ৰোহিন ৰায়ে দীৰ্ঘদিনৰে পৰা অত্যাধিক চুলাই মদ সেৱণ কৰি আহিছিল ৷ মদ খাই অহাৰ বাবেই মৃত্যু হোৱা বুলি সন্দেহ প্ৰকাশ কৰে ৷

মৃত লোকজনৰ কাষত চাইকেলখনো আছিল ৷ পিচত স্থানীয় ৰাইজে আৰক্ষীক খবৰ দিয়াত ঘটনাস্থলীত আৰক্ষী উপস্থিত হয় আৰু মৃতদেহটো উদ্ধাৰ কৰে ৷ আৰক্ষীয়েও লোকজন মদ খাই অহাৰ ফলতে মৃত্যু হোৱা বুলি সন্দেহ প্ৰকাশ কৰাৰ লগতে ৰাইজৰ সহযোগত গাওঁখনত অবৈধভাৱে চুলাই মদ প্ৰস্তুত কৰি ব্যৱসায় কৰি অহা ৰাণু দেৱী নামৰ মহিলাগৰাকীৰ গৃহতো অভিযান চলায় ৷ আৰক্ষী আৰু ৰাইজে মহিলাগৰাকীৰ ঘৰৰ বাৰীৰ এটা নলাত লুকুৱাই থোৱা অৱস্থাত চুলাই মদ প্ৰস্তুত কৰিবলৈ লোৱা সামগ্ৰী, মদ প্ৰস্তুত কৰাৰ বাবে ব্যৱহাৰ কৰা বাচন আদি উদ্ধাৰ কৰি নষ্ট কৰে ৷

অৱশ্যে মহিলাগৰাকী পলায়ণ কৰাত আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম নহ'ল যদিও আইনী ব্যৱস্থা গ্ৰহণ কৰিব বুলি জনায় ৷ এই অভিযান চলোৱাৰ পিচতে আৰক্ষীয়ে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে বঙাইগাঁও অসামৰিক চিকিৎসালয়লৈ লৈ যায় ৷ উল্লেখ্য যে গাওঁখনৰ ওচৰে-পাজৰে ভালে কেইঘৰ লোকে অবৈধ চুলাই মদ প্ৰস্তুত কৰি ব্যৱসায় কৰি আহিছে ৷ গাওঁবাসীয়ে অবৈধ চুলাই মদ বন্ধ কৰাৰ দাবীত ইতিপূৰ্বে বঙাইগাওঁ জিলা উপায়ুক্তক লিখিতভাৱে আৱেদনো জনাইছিল ৷ কিন্তু অঞ্চলটোত চুলাই মদৰ বেহা বন্ধ নহ'ল বুলিও অভিযোগ কৰে স্থানীয় লোকে ৷

আনহাতে লোকজনৰ চুলাই মদ সেৱণ কৰি অহাৰ ফলতে মৃত্যু হোৱাত চুলাই মদৰ ব্যৱসায়ী কৰি অহা লোকসকলে ৰাইজৰ ৰোষত পৰাৰ ভয়ত তথা আৰক্ষীৰ অভিযানৰ ভয়ত  চুলাই মদ প্ৰস্তুত কৰা সামগ্ৰী, চুলাই মদ, মদ প্ৰস্তুত কৰাত ব্যৱহাৰ হোৱা সামগ্ৰীসমূহ বাৰীৰ মাজৰ জংঘলত লুকুৱাই থৈ ঘৰ-বাৰী এৰি পলায়ণ কৰে ৷

bongaigaon_local_wine

ৰাইজে আৰক্ষীয়ে অভিযান চলাই যোৱাৰ পিচতো গাওঁখনৰ সূত্ৰধৰ পাৰাত আন কেবাঘৰো চুলাই মদ প্ৰস্তুত কৰা আৰু ব্যৱসায় কৰি অহা লোকৰ গৃহত অভিযান চলায় আৰু বৃহৎ পৰিমাণৰ চুলাই মদ প্ৰস্তুত কৰি থকা সামগ্ৰী, মদ প্ৰস্তুত কৰাৰ বাবে ব্যৱহাৰ কৰা সামগ্ৰী, বাখৰ আদি উদ্ধাৰ কৰি নষ্ট কৰে ৷

সামগ্ৰীসমূহ বাৰীৰ মাজৰ জংঘলত লুকুৱাই থোৱা অৱস্থাত উদ্ধাৰ কৰি নষ্ট কৰে ৷ চুলাই মদৰ বিৰুদ্ধে চলোৱা অভিযানত মহিলাসকলেও আগ-ভাগ লয় ৷ মহিলাসকলে অভিযোগ কৰা মতে চুলাই মদ সেৱণ কৰি অহাৰ ফলত ইতিমধ্যে অঞ্চলটোৰ ভালেকেইজন লোকৰ মৃত্যু হৈছে ৷ তাৰোপৰি উঠি অহা যুৱ প্ৰজন্মও এই জীৱন ধ্বংসকাৰী মদৰ প্ৰতি আকৰ্ষিত হ'বলৈ ধৰিছে ৷ সেয়ে আমি চুলাইৰ বিৰুদ্ধে এই  অভিযান চলাইছো ৷

আমাৰ অঞ্চলত মদৰ প্ৰচলন বন্ধ হ'ব লাগে ৷ মদৰ ফলত বিভিন্নজনৰ পৰিয়ালত হাই-কাজিয়াৰো সূত্ৰপাত হৈ আহিছে বুলিও কয় ৷ লগতে পুৱাৰে পৰা নিশা দুপৰলৈকে অঞ্চলটোৰ এইসকল মদ ব্যৱসায়ীৰ গৃহত মদ খোৱা লোকৰ সমাগম হয় বুলিও কয় ৷ ইপিনে মৃত লোকজনে দীৰ্ঘদিনৰে পৰা অত্যাধিক চুলাই মদ সেৱণ কৰি আহিছিল ৷ কাম-বন নকৰি মদ খাই অহাৰ বাবেই আনকি পত্নীয়েও সন্তানকলৈ নিজ মাতৃ গৃহলৈ গুচি গৈছে ৷ মাতৃয়ে দোকানত কাম কৰি পোৱা টকাৰেহে ঘৰখন চলে ৷ আনকি মৃত্যু হোৱা লোকজনৰ আনজন ভাতৃয়েও মাজে সময়ে মদ খোৱা বুলি মাকে প্ৰকাশ কৰে ৷

আনহাতে ৰাইজে চুলাই মদৰ বিৰুদ্ধে চলোৱা অভিযানৰ পিচত আবেলি এজন চুলাই মদৰ ব্যৱসায়ীয়ে ৰাইজক উদ্দ্যেশি ভাবুকি প্ৰদান কৰাত পুনৰ ৰাইজ ওলাই আহি মদ বেপাৰীজনৰ গৃহত উপস্থিত হোৱাত মদ বেপাৰীজনে পিচত ৰাইজৰ ওচৰত ক্ষমা বিচাৰে ৷ ঘটনাৰ খবৰ পাই আৰক্ষী আৰু আবকাৰী বিভাগৰ দলো উপস্থিত হয় ৷ আবকাৰী বিভাগে অবৈধ চুলাই মদৰ বেপাৰ কৰা লোকৰ তথ্যও সংগ্ৰহ কৰা বুলি জানিব পৰা হৈছে ৷

Your Comments