মৰিগাঁও পশ্চিম শিলপুখুৰী উঃমাঃ বিদ্যালয়ৰ পৰীক্ষা কেন্দ্রত আকস্মিক পৰিদৰ্শন জিলা উপায়ুক্তৰ

logo

মৰিগাঁৱৰ পৰা জিতুমনি নাথ 

বৰ্তমানে চলি থকা উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ এটা পৰীক্ষা কেন্দ্র প্ৰত্যক্ষ কৰি হতভম্ব হৈ পৰে মৰিগাঁও জিলাৰ উপায়ুক্ত আৰু আৰক্ষী অধীক্ষক। জিলাখনৰ শীৰ্ষ বিষয়া দুজনক হতভম্ব কৰি তুলা পৰীক্ষা কেন্দ্রটো হৈছে পশ্চিম শিলপুখুৰী আদৰ্শ উচ্চতৰ মাধ্যমিক বিদ্যালয়। যাৰ ফলত ৫ জন শিক্ষাৰ্থী আৰু ২ জন শিক্ষক পৰীক্ষাৰ পৰা বহিস্কাৰ হ'ব লগাত পৰে।

জানিব পৰা মতে, মৰিগাঁও জিলা উপায়ুক্ত ঋতুৰাজ বৰা আৰু আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকাই আকস্মিকভাৱে আজি পৰিদৰ্শন কৰে উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা চলি থকা মৰিগাঁও জিলাৰ পশ্চিম শিলপুখুৰী আদৰ্শ উচ্চতৰ মাধ্যমিকৰ বিদ্যালয়ৰত। উচ্চতৰ মাধ্যমিকৰ ক'লা শাখাৰ তৰ্কশাস্ত্ৰ আৰু দৰ্শন বিষয়ৰ পৰীক্ষা চলি থকা পৰীক্ষা কেন্দ্রটোত প্ৰৱেশ কৰিয়েই জিলা প্ৰশাসনৰ দুই শীৰ্ষ বিষয়াই প্ৰত্যক্ষ কৰে পৰীক্ষাৰ্থীসকলে পৰীক্ষাৰ দায়িত্বত থকা নিৰিক্ষকসকলৰ সন্মুখতেই মুকলিভাৱে গ্ৰহণ কৰি থকা অসৎ পন্থাৰ কাৰ্য।

এই কাৰ্যত ক্ষুণ্ণ হৈ পৰা জিলা উপায়ুক্ত ঋতুৰাজ বৰাই লগে লগে বিদ্যালয়সমূহৰ পৰিদৰ্শক ডঃ তিলক চন্দ্ৰ শইকীয়াক মতাই নি পৰীক্ষাৰ দায়িত্বত থকা শিক্ষক আৰু অসৎ পন্থা অৱলম্বন কৰা ছাত্ৰ-ছাত্ৰীসকলক বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ জাৰি কৰে। ইয়াৰ পিছতেই বিদ্যালয়সমূহৰ পৰিদৰ্শক ডঃ শইকীয়াই অসৎ পন্থা অৱলম্বনত জড়িত ৫ জন ছাত্ৰ-ছাত্ৰী আৰু ২ শিক্ষকক তৎকালীনভাৱে কাৰ্যকৰী হোৱাকৈ পৰীক্ষাৰ কৰ্তব্যৰ পৰা বহিস্কাৰ কৰে।

ইফালে পৰীক্ষা কেন্দ্রটো ছাত্ৰ-ছাত্ৰীসকলে মুকলিকৈ চলাই থকা অসৎ পন্থা কাৰ্যৰ সন্দৰ্ভত জিলা উপায়ুক্ত ঋতুৰাজ বৰাই এক তদন্তৰ নিৰ্দেশ জাৰি কৰা বুলি জনা গৈছে। উল্লেখ্য যে পশ্চিম শিলপুখুৰী আদৰ্শ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰীক্ষা কেন্দ্রটোত ছাত্ৰ-ছাত্ৰীসকলে মুকলিকৈ অসৎ পন্থা অৱলম্বন কৰি অহা অভিযোগ দীৰ্ঘদীনিয়া।

Your Comments